ভ্ৰাম্যমাণৰ শিল্পী আৰু কলা কুশলীলৈ সুখবৰ :আজিৰ পৰা ভ্ৰাম্যমাণ নাট প্ৰদৰ্শনী মুকলি

A

 


নিউজ ডেস্ক:
অসমৰ ভ্ৰাম্যমাণ জগতৰ শিল্পী আৰু কলা কুশলীসকললৈ সুখবৰ । আজিৰে পৰা ক'ভিডৰ নীতি-নিৰ্দেশনা মানি ভ্ৰাম্যমান নাট প্ৰদৰ্শনী মুকলি । আজি ডেৰগাঁৱত স্বাস্থ্যমন্ত্ৰী শ্ৰী কেশৱ মহন্তই সংবাদমেল যোগে এই কথা ঘোষণা কৰি কয় যে "প্ৰতিগৰাকী শিল্পী কলা-কুশলী আৰু আয়োজক সমিতিৰ প্ৰতিজন সদস্যই ল'ব লাগিব ক'ভিডৰ দুয়োপালি ভেকচিন । লগতে প্ৰশাসনৰ ওচৰত ভেকচিন  লোৱাৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব ।
কণ্টেইনমেণ্ট জ'ন বা অধিক সংক্ৰমণ হোৱা ঠাইত ভ্ৰাম্যমান নাট প্ৰদৰ্শনীৰ অনুমতি দিয়া নহ'ব ।প্ৰেক্ষাগৃহত সামাজিক দূৰত্ব বৰ্তাই ৰাখি আসনৰ ব্যৱস্থা কৰিব লাগিব ।প্ৰৱেশ পথত হেণ্ড ছেনিটাইজাৰ মজুত ৰাখিব লাগিব ।
প্ৰতিজন দৰ্শকে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক । মাস্ক নিপিন্ধাকৈ অহা দৰ্শকৰ বাবে প্ৰেক্ষাগৃহৰ প্ৰৱেশ পথত মাস্ক মজুত ৰাখিব লাগিব । নাট্য প্ৰদৰ্শনী সান্ধ্য আইনৰ আগতে সমাপ্ত কৰিব লাগিব" । 
তেওঁ লগতে কয় যে "যদি ক'ভিড সংক্ৰমণ ব্যাপক হয় বা ইয়াতকৈ পৰিস্থিতি ভাল হয় তেনেহ'লে নীতি-নিৰ্দেশনা সলনি কৰা হ'ব । 
ক'ভিড প্ৰতিষেধক গ্ৰহণ আৰু ক'ভিডৰ নিয়মাৱলী সন্দৰ্ভত দৰ্শকক আয়োজক সমিতিয়ে সজাগ কৰিব লাগিব"  ।
উল্লেখযোগ্য যে ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰযোজকসকলৰ এটা প্ৰতিনিধি দলৰ সৈতে যোৱা নিশা  স্বাস্হ্যমন্ত্ৰী কেশৱ মহন্তই এক আলোচনাত মিলিত হয়। এই আলোচনাত এনএইচএম, অসমৰ অভিযান সঞ্চালক ডাঃ এছ লক্ষ্মনন, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মণ, এনএইচএমৰ বিশেষ কৰ্তব্যৰত বিষয়া পমী বৰুৱাৰ লগতে দহখন ভ্ৰাম্যমান থিয়েটাৰ প্ৰযোজক গোষ্ঠীৰ প্ৰতিনিধি উপস্থিত থাকে।B

Your Comments