সাৰদা-লুইবাৰ্জাৰ কেলেংকাৰীত অভিযুক্ত মুখ্যমন্ত্ৰীৰ অধিকাৰ নাই মোক চিএম ভিজিলেন্সত তদন্ত কৰাৰ- বিধায়ক শ্বেৰমান আলী

A

নিউজ ডেস্ক:

'সাৰদা-লুইবাৰ্জাৰ কেলেংকাৰীত অভিযুক্ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নৈতিক অধিকাৰ নাই মোক মুখ্যমন্ত্ৰী তদাৰকী শাখাত তদন্ত কৰাৰ'- মুখ্যমন্ত্ৰী তদাৰকী শাখাত গ্ৰেপ্তাৰ হৈ এই মন্তব্য বাঘবৰৰ বিধায়ক শ্বেৰমান আলীৰ ।

শুকুৰবাৰে কংগ্ৰেছৰ বিধায়ক গৰাকীক ন্যায়িক জিম্মাৰ পৰাই ২/২১ নম্বৰ গোচৰত মুখ্যমন্ত্ৰী তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰে।উল্লেখ্য যে বিধায়ক পুঁজি 
ৰ ধন আত্মসাতৰ অভিযোগ উঠিছে কংগ্ৰেছৰ বিধায়ক গৰাকীৰ বিৰুদ্ধে।

ইফালে মুখ্যমন্ত্ৰী তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰি কামৰূপ(ম) জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰে আলীক।আদালতে ৩ দিনৰ জিম্মালৈ প্ৰেৰণ কৰে ।

গুৰুত্বপূৰ্ণ কথা এই যে শ্বহীদক ঘাটক আখ্যা দি অসম আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল আলী ।বৃহস্পতিবাৰে আদালতে ১৪দিনৰ ন্যায়িক জিম্মালৈ প্রেৰণ কৰিছে বিধায়ক গৰাকীক।

Your Comments