অসমবাসীৰ প্ৰতিবাদ অথলে গ'ল, শুকুৰবাৰে আদানী গ্ৰুপলৈ গ'ল গুৱাহাটী বৰঝাৰ বিমানবন্দৰ

A

 

B

নিউজ ডেস্ক:

অসমবাসীৰ প্ৰতিবাদ অথলে গ'ল।কেন্দ্ৰীয় চৰকাৰে আদানী গ্রুপলৈ হস্তান্তৰ কৰিলে গুৱাহাটীৰ বৰঝাৰ গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ।৫০বছৰৰ বাবে আদানী গ্ৰুপক বিমানবন্দৰটো পৰিচালনাৰ দায়িত্ব অৰ্পণ ভাৰত চৰকাৰৰ।

উল্লেখ্য যে অসমবাসীয়ে ৰাজহুৱা খণ্ডৰ অনুষ্ঠানটো ব্যক্তিগত খণ্ডৰ হাতত হস্তান্তৰৰ বিৰোধিতাৰে সময়ে-সময়ে  প্ৰতিবাদ সাব্যস্ত কৰিছিল যদিও ৰাজ্যবাসীৰ প্ৰতিবাদক গুৰুত্ব হীন কৰি বৃহস্পতিবাৰে ৰাতি ১২ বজাৰ পৰা ৫০ বছৰলৈ আদানী গ্রুপক গটালে বিমানবন্দৰটো।

তাৎপৰ্যপুৰ্ণ কথা এই যে ভাৰতীয় বিমান প্ৰাধিকৰণ আইন-১৯৯৫ অনুসৰি সৰ্বাধিক ৩০বছৰলৈ বিমানবন্দৰ লীজত দিব পাৰে কিন্তু বৰ্তমানৰ মোডী নেতৃত্বাধীন ভাৰত চৰকাৰে উক্ত আইনখন উলংঘা কৰি ৫০ বছৰৰ বাবে আদানী গ্রুপক দিয়া বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে অসম জাতীয় পৰিষদে।

বিমানবন্দৰটো আদানী গ্রুপলৈ হস্তান্তৰ কৰাটো বে-আইনী আখ্যা দি এজেপিয়ে কয়- ৰাজহুৱা খণ্ডৰ লাভজনক বিমানবন্দৰটো ব্যক্তিগত খণ্ডক অৰ্পণ কৰাটো যুক্তি সংগত হ'ব নোৱাৰে।

আদানী গ্রুপক হস্তান্তৰ কৰা দিনটো অসমবাসীৰ বাবে দুৰ্ভাগ্যজনক দিন আখ্যা দি বৰঝাৰত এজেপি কামৰূপ মহানগৰ জিলা সমিতিয়ে  মৌন প্ৰতিবাদ সাব্যস্ত কৰে।

Your Comments