নিউজ ডেস্ক:
সুৰাপান কৰি গাড়ী চলাই শ্ৰমিকক মহতিয়াই নিয়া মডেল ৰাজকন্যা বৰুৱাক জিএনআৰচিত ৰক্ষণা বেক্ষণ দিয়াৰ অভিযোগত দিছপুৰ থানাত শুকুৰবাৰে পুৱাই হাজিৰ হয় চিকিৎসক ডাঃ নৱনীল বৰুৱা। দিছপুৰ থানাই চিকিৎসক বৰুৱাক থানাত হাজিৰ হোৱাৰ চমনজাৰি কৰিছিল।
'ৰাজকন্যাক চিনি নাপাওঁ।মোৰ কোনো ঘনিষ্ঠ নহয়'- থানাত হাজিৰ হৈ বৰুৱাই কয়।
আনহাতে, আইচিইউত ভৰ্তি কৰাৰ কথা অস্বীকাৰ কৰি তেওঁ কয়- "মই আইচিইউত ভৰ্তি কৰোৱা নাই"।
উল্লেখ্য যে জিএনআৰচি চিকিৎসালয়ৰ চেমি আইচিইউ পৰাৰ দুদিন পূৰ্বে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৰাজকন্যাক।
- Log in to post comments
- 67 views