গুৱাহাটীৰ ধোঁৱাচাঙত "মুকুট লোচনৰ সানমিহলি চিন্তা" শীৰ্ষক গ্ৰন্হ উন্মোচন

A

 

নিউজ ডেস্ক:

গুৱাহাটী মহানগৰীৰ আমবাৰীস্থিত ধোঁৱাচাঙত আজি আবেলি ৫বজাত  লেখক তথা বুদ্ধিজীৱি মুকুট লোচন কলিতাৰ  "সানমিহলি চিন্তা" মুকুট লোচনৰ টোকাবহীৰ পৰা শীৰ্ষক গ্ৰন্হখনি উন্মোচন কৰা হয় ।  উন্মোচনী অনুষ্ঠানটোৰ আঁত ধৰে সাংবাদিক আজিজুৰ ৰহমান হাজৰিকাই।
অনুষ্ঠানটোত উপস্হিত থাকে  একচন এইডৰ সঞ্চালক মৃণাল গোহাঁই ,গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা দিল্লী বিশ্ববিদ্যালয়ত লেখকৰ সহপাঠী সুৰজিৎ  ভৰালী, নৰ্থ ইষ্ট চিকুৰিটী ছাৰ্ভিছৰ সঞ্চালক শৰৎ কলিতা,গুৱাহাটী বিশ্ববিদ্যালয়ৰ গবেশিকা ছাত্ৰী শ্বাস্বতী বৰঠাকুৰকে
 আদি কৰি  বহুকেইজন সাংবাদিক আৰু গুৱাহাটীৰ একাংশ কিতাপ প্ৰকাশক উপস্থিত থাকে।

আজিৰ এই গ্ৰন্থখন উন্মোচন কৰি একচন এইডৰ সঞ্চালক মৃণাল গোঁহায়ে কয় যে "মুকুট লোচন সদায় ব্যতিক্ৰম,সততা তেওঁৰ আভূষণ" । মই ভাবো এই কিতাপখন সকলোৱে পঢ়া উচিত ,ইয়াৰ অন্যথা পঢ়ুৱৈৰ মন আধৰুৱা হৈ ৰ'ব বুলিও তেওঁ মত প্ৰকাশ কৰে।  তেওঁৰ পৰা আমি ভৱিষ্যতে এনে বহু গ্ৰন্থ আশা কৰোঁ"।

অধিবক্তা সুৰজিৎ ভৰালীয়েও অনুষ্ঠানটোত উপস্থিত থাকি গ্ৰন্হখন সম্পৰ্কে  মন্তব্য দাঙি ধৰি কয় যে  "এই কিতাপখনে মোক মুকুট আৰু মোৰ শৈশৱ যৌৱনৰ বহু কথাই মনত পেলাই দিলে।  তেওঁ যে এজন ভাল লেখক তাত কোনো সন্দেহ নাই। এই কিতাপখনে তেওঁৰ লেখাক এক নতুন মাত্ৰা দিব বুলি মই নিশ্চিত।

Your Comments

Related Articles