হোজাইত তেজপিয়াৰ ৰূপত এইবাৰ সুলভমূল্যৰ দোকানী :দুখীয়া ৰাইজৰ বাবে অহা চৰকাৰী চাউল আত্মসাৎ কৰাৰ অভিযোগ

A



নিউজ ডেস্ক:
হোজাইৰ নখুটি সমবায় সমিতিৰ অধীনস্থ চামচুদ্দিন নামৰ এগৰাকী সুলভ মূল্যৰ দোকানীৰ বিৰূদ্ধে উত্থাপিত হৈছে ৰেচন কাৰ্ডৰ চাউল জোখতকৈ কমাই দি আত্মসাৎ কৰাৰ লগতে ভুৱা হিতাধিকাৰী দেখুৱাই ৰেচনকাৰ্ড বনাই চাউল আত্মসাৎ কৰাৰ অভিযোগ । এই বিষয়ে ৰাইজে দোকানীজনক অভিযোগ কৰিলে সহজ সৰল ৰাইজক ৰেচন কাৰ্ড কৰ্তন কৰাৰ ভাবুকি প্ৰদান কৰে দোকানীজনে ।
শেষত উপায়ন্তৰ হৈ ৰাইজে এই তেজপিয়া ৰূপী চামচুদ্দিনৰ বিৰূদ্ধে অভিযোগ দাখিল কৰিছে।
গুৰুত্বপূৰ্ণ কথা এই যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনক চামচুদ্দিনৰ নিচিনা দুখীয়াৰ তেজ শুহি খোৱা দালালৰ বিৰূদ্ধে অতি শীঘ্ৰেই ব্যৱস্থা গ্ৰহন কৰিবলৈ ৰাইজে দাবী জনাইছে ।

Your Comments