ৰাজকন্যাৰ জামিন নাকচ এদিনৰ আৰক্ষী জিম্মালৈ: গাড়ী চালকৰ অনুজ্ঞাপত্ৰ বাতিল

A

নিউজ ডেস্ক:

কামৰূপ(ম) জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জামিন আৱেদন নাকচ কৰিছে ৰাজকন্যা বৰুৱাৰ।এদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ আদালতৰ।

আৰক্ষীৰ প্ৰতিবেদনৰ ভিত্তিত জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদালতৰ নিৰ্দেশ মৰ্মে কামৰূপ(ম) পৰিবহন বিষয়া কাৰ্যালয়ে ৰাজকন্যাৰ গাড়ী চালকৰ অনুজ্ঞাপত্ৰ বাতিল কৰে। 

উল্লেখ্য যে সুৰাপান কৰি গাড়ী চলাই ৮ জনকৈ শ্ৰমিকক শুকুৰবাৰে নিশা গুৰুতৰভাৱে আহত কৰিছিল ৰাজকন্যাই।

বুধবাৰে জিএনআৰচি হাস্পতালৰ চেমি আইচিইউৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

গুৰুত্বপূৰ্ণ কথা এই যে  পূৰ্বতে আৰক্ষীৰ দূৰ্বল ভূমিকাৰ বাবে জামিন লাভ কৰিছিল ৰাজকন্যাই।

Your Comments