১০০ শতাংশ পাঠ্যক্রমেৰে অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা

A



নিউজ ডেস্ক:
 আগন্তুক ২০২২ বর্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সন্দর্ভত এক গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে৷ উচ্চতৰ মাধ্যমিক দ্বিতীয় বর্ষৰ ১০০% পাঠ্যক্রম সামৰি লৈ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰা হৈছে ৷

এই সন্দৰ্ভত বুধবাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিবে এখন পত্রযোগে শিক্ষানুষ্ঠানৰ অধ্যক্ষ আৰু বিশ্ববিদ্যালয়ৰ পঞ্জীয়কসকললৈ নির্দেশনা প্রেৰণ কৰে৷
উল্লেখ্য যে ক’ভিড–১৯য়ে সৃষ্টি কৰা জটিল পৰিস্থিতিৰ বাবে ৰাজ্যত ২০২১ বর্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত নহ’ল৷ যাৰ কাৰণে বিকল্প মূল্যায়ন পদ্ধতিৰে চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছিল অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে৷

Your Comments