শুকুৰবাৰে মৰিয়নিত মনোনয়ন দাখিল কৰিব ৰাইজৰ দলৰ প্ৰাৰ্থী সঞ্জীৱ গগৈয়ে

A

নিউজ ডেস্ক:


শুকুৰবাৰে মৰিয়নিত ৰাইজৰ দলৰ প্ৰাৰ্থী সঞ্জীৱ গগৈয়ে মনোনয়ন পত্ৰ দাখিল কৰিব।এই কথা জনায় ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।

'ৰূপজ্যোতি কুর্মীয়ে সমষ্টিটোত প্ৰলোভন আৰম্ভ কৰিছে।কুর্মীয়ে শাৰী বিতৰণ কৰা কাৰ্যৰ নিৰ্বাচন আয়োগক অভিযোগ প্ৰদান কৰা হ'ব'- অখিলে কয়।কোটি-কোটি টকা বিজেপিয়ে খৰছ কৰিলেও অসমৰ 
ৰাইজৰ  বিবেক নিশ্চিতভাৱে বিশ্বাসঘাটকৰ বিৰুদ্ধে থাকিব।

উল্লেখ্য যে কংগ্ৰেছে থাওৰা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বাবে ৰাইজৰ দলে মৰিয়নি সমষ্টিত প্ৰাৰ্থী প্ৰদান কৰিব।কংগ্ৰেছে থাওৰা সমষ্টিত প্ৰাৰ্থী প্ৰত্যাহাৰ কৰিলে মৰয়নি সমষ্টি কংগ্ৰেছক এৰিব ৰাইজৰ দলে।

Your Comments