GNRCত ৰাজকন্যা বৰুৱাৰ চিকিৎসাত জড়িত আছিল ডাঃ নৱনীল বৰুৱা

A

B

 

 

C

নিউজ ডেস্ক:

দিছপুৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা মডেল ৰাজকন্যা বৰুৱাৰ জিএনআৰচিত চিকিৎসা সেৱাত জড়িত আছিল জ্যেষ্ঠ চিকিৎসক ডাঃ নৱনীল বৰুৱা।স্নায়ু বিশেষজ্ঞ চিকিৎসক গৰাকীয়ে হাস্পতালৰ চেমি আইচিইউত ভৰ্তি কৰি ৰাখিছিল ৮জনকৈ শ্ৰমিক মহতিয়াই নিয়া মডেল গৰাকীক।

উল্লেখ্য যে দিছপুৰ আৰক্ষীৰ চমন জাৰিৰ পাছতো অসুস্থতাৰ অজুহাত দেখুৱাই আইচিইউত ভৰ্তি হৈ থকা ৰাজকন্যাৰ চিকিৎসা কৰিছিল ডাঃ বৰুৱাই।জিএমচিএইচ মেডিকেল বৰ্ডে জিএনআৰচি আইচিইউত ভৰ্তি হৈ থকা ৰাজকন্যাৰ স্বাস্থ্য পৰীক্ষা কৰি অসুস্থতাৰ তথ্য লাভ নকৰাত দিছপুৰ আৰক্ষীয়ে বুধবাৰে গ্ৰেপ্তাৰ কৰে মডেল গৰাকীক।

আনহাতে, অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়া চিকিৎসালয়খনৰ বিৰুদ্ধে তদন্ত চলাবলৈ আৰক্ষীয়ে ইতিমধ্যে ঘোষণা কৰিছে।স্বাস্থ্য বিভাগেও সমগ্ৰ বিষয়টো তদন্ত কৰা হ’ব বুলি উল্লেখ কৰিছে।

Your Comments