মডেল ৰাজকন্যা বৰুৱাক ড্ৰাগছ সেৱনৰ সন্দেহ, তেজ পৰীক্ষা কৰিব আৰক্ষীয়ে

A

নিউজ ডেস্ক:

দিছপুৰ আৰক্ষীৰ জালত গ্ৰেপ্তাৰৰ প্ৰথম নিশা এখন বেঞ্চত বহি পাৰ কৰিলে ৰাজকন্যা বৰুৱাই।ডিচিপিৰ তীক্ষ্ণ জেৰাৰ মুখা-মুখী হ'ল মডেল গৰাকী।৫গৰাকী মহিলা আৰক্ষী কনিষ্টবলৰ তত্বাৱধানত দিছপুৰ থানাত নিশাটো থাকে ৰাজকন্যা।গুৰুত্বপূৰ্ণ কথা  এই যে গ্ৰেপ্তাৰৰ প্ৰথম নিশাই আৰক্ষীয়ে ৰাজকন্যাই ড্ৰাগছ সেৱন কৰা বুলি সন্দেহ কৰিছে।আজি তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰাব আৰক্ষীয়ে।উল্লেখ্য যে ৮জন শ্ৰমিকক মহতিয়াই নিয়াৰ অপৰাধত বুধবাৰে দ্বিতীয় বাৰলৈ গ্ৰেপ্তাৰ হয় মডেল গৰাকী।

আনহাতে আজি হাজিৰ কৰোৱা হ'ব কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত।ইতিমধ্যে দিছপুৰ  আৰক্ষীয়ে ৰাজকন্যাক লৈ আহিছে আদালতলৈ।

Your Comments