আৰক্ষীৰ জিম্মাত হৃদৰোগত আক্রান্ত দুৰ্নীতিগ্ৰস্ত ডিআইজি ৰৌণক আলি হাজৰিকা

A

নিউজ ডেস্ক:


আয় বহিৰ্ভূত সম্পত্তি আহৰণৰ অভিযোগত মুখ্যমন্ত্ৰী তদাৰকী শাখাৰ হাতত গ্ৰেপ্তাৰ হোৱা অসম আৰক্ষীৰ নিলম্বিত ডিআইজি ৰৌণক আলি হাজৰিকা হৃদৰোগত আক্রান্ত।তদাৰকী শাখাৰ জিম্মাতে  অসুস্থ হোৱাত ভৰ্তি কৰোৱা হয় মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত।কিন্তু গুৰুতৰ অসুস্থতাৰ বাবে এমএমচিএইচৰ পৰা গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে প্ৰাক্তন ডিআইজি গৰাকীক।সম্প্ৰতি জিএমচিএইচত চিকিৎসাধীন হাজৰিকা।

উল্লেখ্য  যে দুদিন পূৰ্বে হেঙেৰাবাৰী বাসগৃহৰ পৰা এছপি ৰৌজী কলিতাৰ নেতৃত্বাধীন তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰিছিল হাজৰিকাক।আয়তকৈ ১৬৪ শতাংশ অধিক সম্পত্তি থকাৰ অভিযোগ আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে।

ইফালে বুধবাৰে কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ১০দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছিল হাজৰিকাক।নিশাৰ ভাগত জেৰা চলি থকা সময়তে অসুস্থ হৈ পৰে ডিআইজি গৰাকী।

উল্লেখ্য যে আইচিইউত চিকিৎসাধীন হৈ থকা হাজৰিকা বৰ্তমান সংকট মুক্ত বুলি জিএমচিএইচ অধীক্ষক অভিজিৎ শৰ্মাই কয়।বহু কেইটা স্বাস্থ্য পৰীক্ষা সম্পন্ন হৈছে অসুস্থ ডিআইজি গৰাকীৰ।

Your Comments