৮জন শ্ৰমিকক মহতিয়াই নিয়া মডেল ৰাজকন্যা বৰুৱাক গ্ৰেপ্তাৰ

A

নিউজ ডেস্ক:


সুৰাপান কৰি গাড়ী চলাই গুৱাহাটীৰ জিএছৰোডত ৮ জনকৈ শ্ৰমিকক মহতিয়াই নিয়া মডেল ৰাজকন্যা বৰুৱাক গ্ৰেপ্তাৰ।মেডিকেল বৰ্ডৰ স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদনৰ পাছতে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰাজকন্যাক।উল্লেখ্য যে জিএনআৰচি চিকিৎসালয়ত অসুস্থতাৰ দোহাই দি বিগত দুদিন ধৰি ভৰ্তি হৈ আছিল মডেল গৰাকী।আৰক্ষীয়ে চমন জাৰি কৰাৰ পাছতো অসুস্থতাৰ দোহাই দি মঙলবাৰে দিছপুৰ থানাত সাজু হোৱা নাছিল মডেল গৰাকী।তাৰ পাছতে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ চিকিৎসকক লৈ গঠন কৰিছিল ৬জনীয়া মেডিকেল বৰ্ড।বুধবাৰে বৰ্ডে জিএনআৰচিৰ আইচিইউত ভৰ্তি হৈ থকা ৰাজকন্যাৰ স্বাস্থ্য পৰীক্ষা কৰে।বৰ্ডৰ পৰীক্ষাত ৰাজকন্যাৰ দেহত ধৰা নপৰিল কোনো অসুস্থতা।জিএনআৰচি আইচিইউত ভৰ্তি হৈ থাকিব পৰা কোনোৱে আঘাত নাই ৰাজকন্যা বৰুৱাৰ দেহত।আইচিইউত ভৰ্তি হ'ব লগা কোনো অসুস্থতা নাই।মেডিকেল বৰ্ডৰ প্ৰতিবেদনত এই কথা প্ৰকাশ পোৱাৰ পাছতে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অসুস্থতাৰ অভিনয় কৰা মডেল গৰাকীক।

চিকিৎসালয়ৰ পৰা ৰাজকন্যাক ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে নিজৰ জিম্মালৈ আনিছে।

আনহাতে, মডেল ৰাজকন্যাক আইচিইউত ৰক্ষণাবেক্ষণ দিয়া জিএনআৰচি কৰ্তৃপক্ষ তদন্তৰ আওতালৈ আহিব।

উল্লেখ্য যে শুকুৰবাৰে নিশা সুৰাপান কৰি গাড়ী চলাই মহতিয়াই নিছিল শ্ৰমিকক।শনিবাৰে গুৰুতৰ  অপৰাধ কৰিও লাভ কৰিছিল জামিন।তাৰ পাচতে সমগ্ৰ বিষয়টো সামাজিক মাধ্যমত চৰ্চা হোৱাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপত পুনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হয় মডেল গৰাকীক।

Your Comments