প্ৰাপ্য বিচাৰি গুৱাহাটীত খাকী পোচাকধাৰী গৃহৰক্ষীৰ প্ৰতিবাদ

A

নিউজ ডেস্ক:


প্ৰাপ্য বিচাৰি গৃহবিভাগৰ বিৰুদ্ধে মহানগৰীত খাকী পোছাকধাৰীৰ প্ৰতিবাদ।অসমত কৰ্মৰত গৃহৰক্ষী জোৱানৰ চাকৰি নিয়মীয়াৰ লগতে বৰ্ধিত হাৰত দৰমহা প্ৰদান কৰাৰ দাবীত গণ অৱস্থান ধৰ্মঘট পালন কৰে সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাই।জোৱানসকলৰ সাধাৰণ আৰু মৌলিক সমস্যা সমাধান কৰাৰ বাবে চৰকাৰৰ ওচৰত সময়ে সময়ে দাবী জনাই থকা হৈছে।কিন্তু চৰকাৰক সহায় কৰি অসমবাসীৰ সেৱাত নিয়োজিত গৃহৰক্ষী জোৱানসকলৰ জীৱন, জীৱিকা নিৰাপত্তা আজিকোপতি নহল।জোৱানসকলৰ সমস্যাসমূহ সমাধান কৰাৰ বাবে গৃহবিভাগৰ শীর্ষ বিষয়াৰে ৰাজ্যৰ মুখ্য সচিবৰ অধ্যক্ষতাত ৩ বাৰকৈ আলোচনা হৈছিল যদিও সুদোত্তৰ নাপালে।তাৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰে জোৱানসকলে।

ইয়াৰ উপৰিও অসম চৰকাৰে আৰক্ষীৰ চাউনীসমূহত গৃহৰক্ষী জোৱান ৬০% হ্ৰাস কৰাৰ সিদ্ধান্ত শীঘ্ৰে বাতিলৰ দাবী জনায়।

ধৰ্ণা কাৰ্যসূচীত উপস্থিত থাকি সন্থা সভাপতি কামাখ্যা দাস, সম্পাদক ইক্ৰাম আলি, সাধাৰণ সম্পাদক কৃষ্ণকান্ত দোলাকাষৰীয়াই কয়- '১৯৪৭ চনৰ গৃহৰক্ষী আইনখন সময়োপযোগী হোৱাকৈ সংশোধন ঘটাই চাকৰি নিয়মীয়াকৰণ কৰিব লাগে।চাকৰিৰ ম্যাদ ৬০বছৰলৈ বৃদ্ধি কৰিব লাগে'।

'প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী জোৱানৰ অৰ্হতা-জ্যেষ্ঠতাৰ ভিত্তিত নিযুক্তি হোৱাকৈ অসম আৰক্ষী কনিষ্টবল নিযুক্তিত ৫০শতাংশ পদ সংৰক্ষণ কৰিব লাগে।দেশৰ অন্য ৰাজ্যৰ লগত সংগতি ৰাখি সমান কামৰ সমান দৰমহা প্ৰদান কৰিব লাগে'- লগতে তেওঁলোকে কয়।

ইফালে ধৰ্ণাস্থলীৰ পৰা মুখ্যমন্ত্ৰীলৈ তেওঁলোকৰ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

Your Comments