কংগ্ৰেছে থাওৰাত প্ৰাৰ্থী উঠাই লওঁক, ৫টা সমষ্টিত আমি সহায় কৰিম- অখিল গগৈ

A

নিউজ ডেস্ক: 

'থাওৰা সমষ্টিৰ পৰা কংগ্ৰেছে প্ৰাৰ্থী প্ৰত্যাহাৰ কৰক।বাকী পাঁচ সমষ্টিত কংগ্ৰেছক জয়ী কৰোৱাত ৰাইজৰ দলে সহায় কৰিব'-আহ্বান অখিল গগৈৰ।থাওৰা সমষ্টিত কংগ্ৰেছ দলে প্ৰাৰ্থী ঘোষণা কৰাৰ পাছতে ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে কংগ্ৰেছৰ প্ৰতি ক্ষুন্ন হৈ কয়-থাওৰাত কংগ্ৰেছ  বৰ্তমান জিকিব পৰা অৱস্থাত নাই ।নিজে জিকিব নোৱাৰিব আনকো ডিষ্টাৰ্ব কৰি থকাতো উচিত নহয় ।

ৰাইজৰ দলৰ প্ৰাৰ্থীয়ে বিজেপিক পৰাভূত কৰিব বুলি কংগ্ৰেছক প্ৰতিশ্ৰুতি প্ৰদান কৰি গগৈয়ে কয়- 'থাওৰাত প্ৰাৰ্থী প্ৰত্যাহাৰ কৰিলে বাকী কংগ্ৰেছক ৫সমষ্টিত সমৰ্থন- সহায় কৰিম।নিজৰ নাক কাটি সতিনী যাত্ৰা ভংগ কৰিলে বেয়া কথা হ'ব'।

থাওৰাবাসী ৰাইজে কংগ্ৰেছ জয়ী হ'ব নোৱাৰে বুলি স্পষ্টকে কৈছে।জয়ী হলেও আকৌ বিজেপিত যোগদান কৰিবগৈ।তেনেস্থলত আপোচবিহীন সংগ্রামীৰ প্ৰয়োজন।বৰ্তমান প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰা মানুহ ধৈৰ্য কোঁৱৰ- গগৈয়ে কয়।

উল্লেখ্য যে মঙলবাৰে কংগ্ৰেছে থাওৰা সমষ্টিত মনোৰঞ্জন কোঁৱৰক প্ৰাৰ্থী হিচাপে ঘোষণা কৰে ।

Your Comments