উপ-নিৰ্বাচনৰ আসনৰ অংক নিমিলিল কংগ্রেছ-ৰাইজৰ দলৰ: ৫সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা

A

নিউজ ডেস্ক :


ৰাইজৰ দলৰে আসন বুজাবুজিত বিফল কংগ্ৰেছ।ফলত ৫ সমষ্টিত  উপ-নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা প্ৰদেশ কংগ্ৰেছৰ।থাওৰা সমষ্টিক লৈ দুয়ো দলৰ আকোঁৰগোজ স্থিতিয়ে সহায় কৰিব বিজেপিক।

মঙলবাৰে কংগ্ৰেছে ঘোষণা কৰা প্ৰাৰ্থীৰ তালিকা অনুসৰি থাওৰাত  মনোৰঞ্জন কোঁৱৰ, তামুলপুৰত ভাস্কৰ দাহাল, গোঁসাইগাঁৱত জুৱেল টুদু, ভৱানীপুৰত শৈলেন্দ্ৰ নাথ দাস, মৰিয়নিত লোহিত কোঁৱৰ।

উল্লেখ্য যে  কংগ্ৰেছে ভৱানীপুৰ সমষ্টি  ৰাইজৰ দলক এৰি দিয়াৰ বিপৰীতে থাওৰা সমষ্টি কংগ্রেছৰ পৰা দাবী কৰিছিল ৰাইজৰ দলে।

আনহাতে, ৰাইজৰ দলৰ থাওৰা সমষ্টিৰ প্ৰাৰ্থী হ'ব ধৈৰ্য কোঁৱৰ।

Your Comments