অগপ সভাপতি অতুল বৰাৰ নিৰ্লজ্জ স্বীকাৰোক্তি উপ-নিৰ্বাচনত আমি জয়ী হ'ব নোৱাৰো

A

নিউজ ডেস্ক:
ৰাজ্যৰ উপ-নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলে তৎপৰতা গ্ৰহণ কৰাৰ সময়ত নিশ্চুপ দৰ্শকৰৰূপ ধাৰণ কৰিছে অসম গণ পৰিষদে।নিৰ্বাচনকলৈ আঞ্চলিকতাবাদী ৰাজনৈতিক দলটোৰ নাই কোনো সাংগঠনিক প্ৰস্তুতি তথা তৎপৰতা।৫টাকৈ সমষ্টিত অনুষ্ঠিত হ'ব লগা নিৰ্বাচনৰ তিনিটা সমষ্টিত বিজেপি দলে প্ৰাৰ্থী প্ৰদান কৰাৰ বিপৰীতে ২টা সমষ্টিত মিত্ৰজোঁটৰ অংশীদাৰ ইউপিপিএলে প্ৰদান কৰিব প্ৰাৰ্থী।কিন্তু মিত্ৰজোঁটৰ অংশীদাৰ হৈয়ো বিগ ব্ৰাডাৰ ভূমিকা লোৱা বিজেপি দলক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আসন  বিচাৰিবলৈ সাহস নহল অগপৰ।

উপ-নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰি অগপ সভাপতি অতুল বৰাই নিৰ্লজ্জভাৱে  স্বীকাৰ কৰে -উপ-নিৰ্বাচনত হ'ব লগা ৬খন আসনতে পূৰ্বে জয় লাভ কৰিছিলো ।বৰ্তমান জনগাঁথনি সলনি হৈছে।আমি ইয়াত জয়ী হ'ব নোৱাৰো'।

আনহাতে, বিজেপিক আসন দাবী নকৰাক লৈ নিৰ্লজ্জভাৱে আত্মসমৰ্পন কৰি কয়-আসন দাবী কৰাটো ডাঙৰ কথা নহয়, নিৰ্বাচন খেলা টোহে ডাঙৰ কথা।

উল্লেখ্য যে  ৩০অক্টোবৰত অনুষ্ঠিত হ'ব ৫সমষ্টিৰ উপ-নির্বাচন।

Your Comments