দিছপুৰ আৰক্ষীয়ে চমন জাৰি কৰিও মডেল ৰাজকন্যা বৰুৱাক হাজিৰ কৰাব নোৱাৰিলে থানাত

A

নিউজ ডেস্ক:


দিছপুৰ আৰক্ষীৰ দুৰ্বলতাৰ বাবে ৮ জন শ্ৰমিকক খুন্দিয়ায়ো জামিন লাভ কৰা মডেল ৰাজকন্যা বৰুৱা মঙলবাৰে হাজিৰ নহল দিছপুৰ থানাত।আৰক্ষীৰ চমন গুৰুত্বহীন কৰি স্বাস্থ্যজনিত অজুহাত দেখাই হাজিৰ নহল থানাত।চিকিৎসাধীন কন্যা হাজিৰ হবলৈ দুসপ্তাহৰ সময় বিচাৰিলে মাতৃয়ে।

উল্লেখ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত দিছপুৰ আৰক্ষীয়ে মঙলবাৰে থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল মডেল গৰাকীক।কিন্তু দিছপুৰ আৰক্ষীৰ চমনক সঁহাৰি নিদিলে ৰাজকন্যাই।

গুৰুত্বপূৰ্ণ কথা এই যে শুকুৰবাৰে গুৱাহাটীৰ জিএছ ৰোডত কৰ্মৰত ৮জনকৈ শ্ৰমিকক সুৰপান কৰি গাড়ীৰে মহতিয়াই নিছিল।মুকালমুৱাৰ শ্ৰমিক কেইজনৰ এগৰাকীৰ ভৰি ছিঙি গৈছিল সুৰাপায়ী মডেল গৰাকীৰ গাড়ীৰ চেপাত।কিন্তু আশ্চৰ্যজনক ভাৱে দুৰ্ঘটনাৰ ২৪ঘন্টা নহওতে জামিন লাভ কৰিছিল মডেল গৰাকীয়ে।

Your Comments