দিছপুৰত প্ৰতিবন্ধীৰ উত্তাল প্ৰতিবাদ: প্ৰতিবন্ধীৰ ওপৰত আৰক্ষীয়ে চলোৱা নিৰ্যাতনৰ বিৰুদ্ধে কলা দিৱস পালন

A

নিউজ ডেস্ক:


প্ৰতিবন্ধীৰ ওপৰত আৰক্ষীয়ে চলোৱা নিৰ্যাতনৰ উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান আৰু নিৰ্যাতিতাক সংস্থাপনৰ দাবীত দিছপুৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবন্ধী সুৰক্ষা সন্থা অসমে৷ লাষ্টগেটৰ মিনিষ্টাৰ কলনিৰ মূল প্ৰৱেশদ্বাৰত অৱস্থান কৰি  প্ৰতিবন্ধী প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ হায় হায়, প্ৰতিবন্ধীৰ ওপৰত অত্যাচাৰ বন্ধ কৰক, আমাৰ দাবী মানিবই লাগিব, নিৰ্যাতন চলোৱা আৰক্ষী বিষয়াৰ বিৰূদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক, নিৰ্যাতিতা ব্যক্তিক সংস্থাপন কৰক, আমাৰ দাবী ন্যায্য দাবী, প্ৰতিবন্ধীৰ প্ৰাপ্য আদায় দিয়ক আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে৷ প্ৰতিবাদ স্থলীত উপস্থিত থাকি সংস্থাৰ সম্পাদক নৃপেন মালাকাৰে কয়- ২০১৮চনৰ আজি দিনটোতে প্ৰাপ্য বিছাৰি প্ৰতিবাদ কৰিবলৈ আহোতে দিছপুৰ লাষ্টগেটত গৃহ বিভাগৰ আৰক্ষীয়ে প্ৰতিবন্ধীৰ ওপৰত জপিয়াই পৰি গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিছিল৷তেতিয়াৰ পৰা সংগঠনটোৱে প্ৰতিবছৰে ৫ অক্টোবৰ দিনতো কলা দিৱস হিচাপে পালন কৰি আহিছে।সেই দিনটোৰ স্মৃতি সুৱৰি আজি আমি পুনৰ লাষ্টগেটতে প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক জনাই দিব বিছাৰিছো আমাৰ প্ৰাপ্য আমাক লাগিবই৷ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় তিনি শতাধিক প্ৰতিবন্ধী লোক উপস্থিত থকা মঙলবাৰৰ প্ৰতিবাদী কাৰ্যসূচী দিনৰ প্ৰায় ১২ বজাৰ পৰা আৰম্ভ হয়৷

প্ৰখৰ ৰদ’কো নেওচি দীৰ্ঘসময় ধৰি  প্ৰতিবাদী লোকসকলে ড° ভীমৰাও ৰামজী আম্বেদকাৰৰ প্ৰতিমূৰ্তিৰ সম্মুখত অৱস্থান কৰা পিছত গৃহ বিভাগৰ যুটীয়া সচিব অনিমেশ তালুকদাৰ উপস্থিত হৈ স্মাৰকপত্ৰ গ্ৰহন কৰি আস্বাস দিয়াতহে ক্ষান্ত হয় প্ৰতিবাদকাৰী৷ 

ইফালে প্ৰতিবাদকাৰীয়ে ইয়াৰ পিছতো যদি ৰাজ্য চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে পৰৱৰ্তী সময়ত প্ৰতিবন্ধী লোকসকলৰ স্বাৰ্থত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব বুলি হুংকাৰ দিয়ে৷ প্ৰতিবাদী কাৰ্যসূচীত সংস্থাৰ উপ সভাপতি আতিকুৰ ৰহমান, দৃষ্টিহীন পৰিষদ অসমৰ হৈ কাৰ্যকৰী সভাপতি নিপুল কলিতা, সাধাৰন সম্পাদক প্ৰনৱ বেজবৰুৱা, মধ্য অসম প্ৰতিবন্ধী সুৰক্ষা সন্থা অসমৰ সভাপতি টংকেশ্বৰ বৰা, বিটিএডি প্ৰতিবন্ধী সুৰক্ষা সংস্হা অসমৰ  শান্তি ৰাম ডেকাকে ধৰি কেইবাগৰাকী বিষয়ববীয়া উপস্থিত আছিল৷B

Your Comments