কি হ'ব কংগ্ৰেছ-ৰাইজৰ দল সমষ্টিৰ বুজাবুজি! ভূপেন বৰাই কলে আমি ভৱানীপুৰতো প্ৰাৰ্থী ঘোষণা কৰিম

A

নিউজ ডেস্ক:

কংগ্ৰেছ-ৰাইজৰ দলৰ উপ-নির্বাচন কেন্দ্ৰিক বুজাবুজি অনিশ্চয়তাত।থাওৰা সমষ্টিৰ ৰাইজৰ দলে এৰি নিদিলে ভৱানীপুৰতো প্ৰাৰ্থী প্ৰদান কৰিব কংগ্ৰেছে।মঙলবাৰে প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।উল্লেখ্য যে  ৰাইজৰ দলে থাওৰা সমষ্টি কংগ্ৰেছক এৰি নিদিয়াৰ চুড়ান্ত ইংগিত প্ৰদান কৰিছে।সমষ্টিটোত দীর্ঘদিনে উপ-নিৰ্বাচনৰ বাবে দলটোৱে প্ৰচাৰ অব্যাহত ৰাখিছে।ইতিমধ্যে ধৈর্য কোঁৱৰক প্ৰাৰ্থী হিচাপে নাম ঘোষণা কৰিছে দলটোৱে।

আনহাতে, বৰাই উল্লেখ কৰা মতে ৰাইজৰ দলৰ সভাপতিৰ সৈতে সমষ্টি সন্দৰ্ভত চৰ্চা অব্যাহত আছে।যদি ভৱানীপুৰ নলয় তেন্তে আমি প্ৰাৰ্থী  ঘোষণা কৰিম।

নিখিল ভাৰত কংগ্ৰেছৰ নেতৃত্বই এবাৰ গ্ৰহণ কৰা সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ প্ৰশ্ন নাহে- বৰাই কয়।

উল্লেখ্য যে ৰাইজৰ দলে থাওৰা সমষ্টি কংগ্ৰেছে এৰি দিলে বাকী সমষ্টিসমূহত কংগ্ৰেছক সহায় কৰাৰ আশ্বাস ইতিমধ্যে সভাপতি অখিল গগৈয়ে প্ৰদান কৰিছে।

Your Comments