আয় বহিৰ্ভূত সম্পত্তি থকাৰ অভিযোগত ডিআইজি ৰৌণক আলি হাজৰিকাক গ্ৰেপ্তাৰ

A

নিউজ ডেস্ক:

অসম আৰক্ষীত পুনৰ কালিমা।আয় বহিৰ্ভূত সম্পত্তি আহৰণৰ অভিযোগত গ্ৰেপ্তাৰ  কৰা  হয় ডিআইজি ৰৌণক আলি হাজৰিকাক।গুৱাহাটীৰ হেঙেৰাবাৰী বাসগৃহৰ পৰা মুখ্যমন্ত্ৰী তদাৰকী কোষে গ্ৰেপ্তাৰ কৰে শীর্ষ আৰক্ষী বিষয়া গৰাকীক।

মঙলবাৰে মুখ্যমন্ত্ৰী তদাৰকী কোষৰ অভিযানত ডিআইজি গৰাকীৰ আয় বৰ্হিভূত সম্পত্তিৰ কথা পোহৰলৈ আহিছিল।

মুখ্যমন্ত্ৰী তদাৰকী কোষৰ এছপি ৰ'জী কলিতাৰ নেতৃত্বত চলিছিল অভিযান।

গুৰুত্বপূৰ্ণ কথা এই যে আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে পূৰ্বৰ পৰা আছিল বহুতো অভিযোগ।উক্ত অভিযোগৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰা হয় হাজৰিকাক।

Your Comments