মুখ্যমন্ত্ৰীয়ে মিঞা মুছলমানৰ বিৰুদ্ধে বিদ্বেষ-ঘৃণা ভাৱ ৰাইজৰ মাজত সুমুৱাইছে- শিখা শৰ্মা

A

নিউজ ডেস্ক:

'অসমৰ মানুহবোৰ এতিয়া লুঙী জ্বৰত আক্রান্ত হৈছে।লুঙী দেখা মাত্ৰকে গা-কঁপি উঠে, জ্বৰ উঠে আৰু চিধা বাংলাদেশলৈ মনত পেলায়'- এই বিস্ফোৰক মন্তব্য লেখিকা শিখা শৰ্মাৰ।বৰপেটাৰ মইনবৰী গৰাখহনীয়া পৰিদৰ্শন কৰি লেখিকা শৰ্মাই কয়- 'ইয়াত
যিসকল মানুহ আছে তেওঁলোক বাংলাদেশী নহয়।তেওঁলোকে মুকলি মনেৰে থাকি দেশ স্বাধীন হোৱাৰ পূৰ্বৰ নথি-পত্ৰ দেখাইছে।তাৰ পাছত তেওঁলোকক কেনেকৈ বাংলাদেশী বুলি কম'।

মুখ্যমন্ত্ৰীক উদ্দেশ্য কৰি তেওঁ কয়- বাংলাদেশী আজিৰ পৰাই খেদাওঁক ।কিন্তু মই কথা পতাসকল অবৈধ বাংলাদেশী নহয়।সকলো প্ৰমাণ- পত্ৰ আছে।

মুখ্যমন্ত্ৰীয়ে নেতৃত্বলৈ ৰাজ্যৰ মিঞা মুছলমানৰ বিৰুদ্ধে বিদ্বেষ-ঘৃণাৰ ভাৱ ৰাইজৰ অন্তৰত সুমুৱাই দিছে ।যাৰ বাবে অসমৰ মানুহ এতিয়া লুঙী জ্বৰত আক্রান্ত। বহুসংখ্যক হিন্দু মানুহৰ লুঙী দেখিলেই গা-কপি জ্বৰ উঠে- শৰ্মাই কয়।

অসমত অবৈধ বাংলাদেশী আছে বুলি মই নাভাবোঁ।উচ্ছেদিতসকল আমাৰ ককাই ভাই বুলি লেখিকা গৰাকীয়ে কয়।

আনহাতে, ঢলপুৰৰ কাণ্ডৰ ন্যায়িক তদন্তৰ দাবী জনায় লেখিকা শৰ্মাই।

Your Comments