ৰাজ্যৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা

A

নিউজ ডেস্ক:


ৰাজ্যৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা।ভাৰতীয় নিৰ্বাচন আয়োগে ঘোষণা কৰে ৫সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন।অহা ৩০ অক্টোবৰত অনুষ্ঠিত হ'ব নিৰ্বাচন।১ অক্টোবৰত জাৰি হ'ব নিৰ্বাচনীৰ অধিসূচনা।

ইফালে ৮ অক্টোবৰত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন।১১ অক্টোবৰত মনোনয়ন পত্ৰ পৰীক্ষাৰ বিপৰীতে ১৬অক্টোবৰত মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন।২নৱেম্বৰত ঘোষণা হ’ব ফলাফল।

উল্লেখ্য  যে গোসাইগাওঁ, ভৱানীপুৰ, তামোলপুৰ, মৰিয়নি আৰু থাওৰা সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন।

আনহাতে, মাজুলী সমষ্টিৰ বিধায়ক সৰ্বানন্দ সোণোৱালে মঙলবাৰে পদত্যাগ কৰিছে বিধায়ক পদৰ পৰা।ফলত মাজুলীটো অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন।

বিধানসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে উক্ত সমষ্টিকেইটা বিধায়কে পদত্যাগ কৰাৰ পাছতে খালি হৈছিল বিধায়কৰ পদ।

Your Comments