কংগ্রেছ অসমীয়া মানুহৰ মূল সুঁতিৰ পৰা আঁতৰি গ'ল- - মুখ্যমন্ত্ৰী

A

নিউজ ডেস্ক :

ঢলপুৰৰ উচ্ছেদ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তৱ্য।'উচ্ছেদ চলিছে চলিবই।যি সকল দুখীয়া ভূমিহীন পৰিয়াল আছিল তেওঁলোকক ৬বিঘাকৈ মাটি দিয়া হ'ব'।

ঢলপুৰ ঘটনাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদক উভতি ধৰি শৰ্মাই কয়- 
কংগ্ৰেছ অসমীয়া মানুহৰ মূলসুঁতিৰ পৰা আঁতৰি গ'ল।
আৰক্ষী অধীক্ষক-উপায়ুক্ত মোৰ নির্দেশত গৈছে।নিলম্বন কি কাৰণত কৰিব লাগে।উচ্ছেদ মোৰ কাৰণে হৈছে, মইয়ে কৰিবলৈ দিছোঁ- মুখ্যমন্ত্ৰীয়ে কয়।


আনহাতে, 'উচ্ছেদৰ পূৰ্বে আমছুৰ সভাপতি ৰেহাউল কৰিমৰ সৈতে দুবাৰকৈ আলোচনা কৰিছোঁ।ভূমিহীনক ৬ বিঘাকৈ মাটি দিম বুলি কৈছোঁ আৰু তেওঁলোকে মানি লোৱা বুলিও তেওঁ কয়।


বৃহস্পতিবাৰৰ ঘটনাত যিয়েই জড়িত নাথাকক কিয় উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা তদন্ত ঘোষণা কৰা হৈছে।১০হাজাৰ মানুহ দা -যাঠি জোং লৈ ক'ৰ পৰা আহিল।কংগ্রেছে চোলা ফালিলে মই ভয় নকৰো বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়-মৃত পৰিয়ালক নিশ্চয় চাম।তেওঁলোকক নিথৰুৱা হবলৈ নিদিওঁ।

Your Comments