AIUDF ত্যাগ কৰি মামুন ইমদাদুল হক চৌধুৰীয়ে কি কি কলে , পঢ়ক

A

নিউজ ডেস্ক :

নাওঁবৈছা সমষ্টিৰ এআইইউডিএফৰ প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ দলত্যাগ।শুকুৰবাৰে এআইইউডিএফ ত্যাগ কৰা কথা সামাজিক মাধ্যমত প্ৰকাশ কৰে যুৱ নেতা গৰাকীয়ে।পদত্যাগ পত্ৰ খনত দলত্যাগৰ ক্ষোভ প্ৰকাশ কৰি শক্তিশালী নেতা গৰাকীয়ে কয়- 'জীৱন গঢ়াৰ সময়ছোৱা দল গঢ়াত পাৰ কৰিলো।বিধানসভাৰ নির্বাচনত মোৰ সৈতে দলে কি কৰিলে দেখিলো।প্ৰয়াস আছিল সংখ্যাগুৰুৰ সৈতে সংখ্যালঘুৰ সন্মানজনক শান্তিপূৰ্ণ সহৱস্থান তাৰ বাবে নিজকে সমৰ্পন কৰি দিছিলোঁ।মোক সহযোগ কৰাৰ সলনি ৰাজনৈতিক ভাৱে হত্যা কৰিলে'।

ছিপাঝাৰৰ গৰুখুঁটিৰ প্ৰশাসনৰ উচ্ছেদত সংঘটিত বৰ্বৰ ঘটনাৰ সময়তো দলটোৰ নেতৃত্ব নীৰৱ হৈ থকাত নাম প্ৰকাশ নকৰাকৈ চৌধুৰীয়ে কয়-আপুনি ইমান ব্যস্ত নে!প্ৰতিটো সংগঠনে নিজ-নিজ স্থিতি স্পষ্ট কৰিছে।কিন্তু মানুহৰ বিপদৰ সময়ত আপোনাৰ স্থিতি কি জনাবলৈ আহৰি নাই।সাধৰণ মানুহৰ এই চৰম বিপদৰ মুহূৰ্তত দলৰ এনে ভাবিব নোৱাৰা নীৰৱতা মোৰ দৰে এজন সাধাৰণ মানুহৰ বাবে সহ্যৰ বাহিৰত।চৰৰ মানুহক পাট্টা দিম বুলি কৈ দল কৰা ১৫ বছৰ হ'ল।পাট্টাতো বাদেই, মানুহৰ জীৱনক লৈ টনা-টনি।সভাপতি চাহাব আমাৰ নিৰ্মোহ বিশ্লেষণৰ প্ৰয়োজন আছে'।

Your Comments