গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী চলাচল সেৱা বন্ধ ঘোষণা

ddd

উত্তৰ-পূৰ্বাঞ্চলত যোৱা কেইবাদিনো ধৰি নেৰা-নেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰত জলস্তৰ অস্বাভাৱিকভাবে বৃদ্ধি পাইছে । তাৰবাবে গুৱাহাটীৰ আৰু উত্তৰ গুৱাহাটীৰ মাজত চলাচল কৰা সকলোবোৰ ফেৰী সেৱা বন্ধ কৰি দিছে কেন্দ্ৰীয় জল পৰিবহণ বিভাগে । পুৱাৰ ভাগত জল বিভাগৰ পৰা পোৱা তথ্য অনুসৰি বিপদ সীমাৰ 0.৪৯ মিটাৰ তলত আছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ।

কেন্দ্ৰীয় জল বিভাগে জনোৱা মতে প্ৰতি ঘণ্টাত এতিয়া ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠত বৃদ্ধি পাইছে পানীৰ পৰিমাণ ৷ সেইবাবে বন্ধ কৰি দিয়া হৈছে সকলোবোৰ ফেৰী চলাচল । ইফালে যোৱা ৫ ছেপ্টেম্বৰত উত্তৰ গুৱাহাটীত সংঘটিত হোৱা ভয়ংকৰ নাওঁ দুর্ঘটনাৰ পাছত আজি ১০দিনে উমানন্দ মন্দিৰলৈ যাব পৰা নাই এজনো দৰ্শণাৰ্থী । যাৰফলত উমানন্দ মন্দিৰত এতিয়া নিমাওমাও পৰিবেশ ।

ইফাল যোৱা ১৩ তাৰিখৰ দিনা গণেশ চতুৰ্থী উপলক্ষে জল পৰিবহণ বিভাগৰ ফালৰ পৰা এখন বিশেষ ফেৰী উমানন্দ মন্দিৰত গণেশ পূজা উদযাপন কৰাৰ বাবে চলোৱা হৈছিল । গণেশ পূজা পালন কৰি পূজাৰী আৰু ভক্তসকলক পুনৰ গুচি আহিছিল সেই ফেৰীখন । তাৰ পাছৰে পৰা কোনো যোগাযোগ নাই এতিয়াও উমানন্দ মন্দিৰত আবদ্ধ হৈ থকা দুই পূজাৰী ৰাতুল শৰ্মা আৰু ৰিংকু শৰ্মাৰ । আৰু সহায়ক খগেন কলিতাৰ লগত । বিশেষ সূত্ৰৰ পৰা জানিবৰ পৰা মতে, ১০ দিন ধৰি ফেৰী সেৱা বন্ধ হৈ থকাৰ বাবে এতিয়া তাত কিছু খাদ্যৰ নাটনি আৰু পূজাৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱ হোৱা বুলিও জানিব পৰা গৈছে ।

আনহাতে, ফেৰী সেৱা বন্ধ থকাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকসকল উমানন্দলৈ যাব নোৱাৰি হতাশ মনেৰে উভতি গৈছ ৷ ভক্ত প্ৰাণ ৰাইজৰ জল পৰিবহণ বিভাগৰ প্ৰতি অনুৰোধ অতি সোনকালে জল বিভাগটোৱে উমানন্দ মন্দিৰলৈ ভক্তসকল সুৰক্ষিতভাবে যাব পৰাকৈ এখন উন্নত মানৰ ফেৰী যোগান ধৰি ভক্তসকলক উপকৃত কৰিব লাগে । লগতে তেওঁলোকৰ আহ্বান, ব্ৰহ্মপুত্ৰৰ বুকুত চলাচল কৰা ভূটভূটি নাওসমূহ বন্ধ কৰি সকলোৰে সুবিধা হোৱাকৈ চৰকাৰীভাবে চলাচলৰ ব্যৱস্থা কৰক ফেৰী সেৱা ।
 

Your Comments