দুই স্বৰ্ণবিজয়ী একেলগে , নীৰজক 'টকিঅ' উপহাৰ দিলে অভিনৱ বীন্দ্ৰাই

A

নিউজ ডেস্ক:

দুই স্বৰ্ণবিজয়ীৰ মিলন । টকিঅ’ অলিম্পিকত  স্বৰ্ণ জয় কৰা নীৰজ চোপ্ৰাক দেখা কৰি   বিশেষ উপহাৰ আগবঢ়ালে বেইজিং অলিম্পিকৰ শ্বুটিঙত  স্বৰ্ণবিজয়ী  অভিনব বিন্দ্রাই । নীৰজক দেখা কৰি এটি সৰু  কুকুৰ উপহাৰ দিলে  অভিনব বিন্দ্ৰাই ।  সামাজিক মাধ্যমত দুয়োজন খেলুৱৈৰ  সাক্ষাতৰ  ফটো  ইতিমধ্যে দেখা পোৱা গৈছে ৷
  টুইটাৰত  ভাৰতৰ প্রাক্তন শ্বুটাৰজনে এইদৰে  মত প্ৰকাশ কৰিছে যে “ বহুত ভাল লাগিল নীৰজৰ  সৈতে  কথা পাতি। টকিঅ’ ত থাকি  সোণ জিকিছে নীৰজে । সেইবাবেই নীৰজক   ‘টকিঅ’ নামেৰে এটি সৰু কুকুৰ  উপহাৰ দিছো” ৷  অভিনৱ বিন্দ্ৰাই নীৰজক  উদ্দেশ্য কৰি এইদৰে কয় যে  ‘টকিঅ’ই  তোমাক  আৰু  অনুপ্রেৰণা  দিব , যাতে ২০২৪ ত তুমি পেৰিচৰ পৰাও সোণ  আনিব  পাৰা ৷ আৰু টকিঅ’ইও যেন তাৰ  ভাই বা ভনী  পায়। যাৰ নাম হব ‘পেৰিছ’।’গুৰুত্বপূৰ্ণ কথা এই যে  অভিনব বিন্দ্ৰাই এক প্রকাৰ ঘোষণা কৰি কয় পেৰিছত  সোণ জিকিলে  আৰু  এটি কুকুৰপোৱালি  উপহাৰ পাব  নীৰজে।
উল্লেখযোগ্য যে সামাজিক মাধ্যমত বহুতেই এই উপহাৰৰ প্রশংসা কৰিছে ৷ নীৰজ যে পশুপ্রেমী সেই কথাও তুলি  ধৰিছে বহুলোকে ৷

Your Comments