দীঘলীপুখুৰীপাৰত চূণচালি গ্ৰাণ্টৰ ৰাইজৰ গণ অৱস্থান

দীঘলীপুখুৰীপাৰত চূণচালি গ্ৰাণ্টৰ ৰাইজৰ গণ অৱস্থান

আজি গুৱাহাটী মহানগৰী দীঘলীপুখুৰীপাৰৰ লক্ষীধৰ বৰা ক্ষেত্ৰও পুৱা ১০ বজাৰ পৰা চূণচালি গ্ৰাণ্টৰ কুৰি হেজাৰ থলুৱা পৰিয়ালক ভূমি পট্টা প্ৰদানৰ দাবীত এক গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে হয় । পূব গুৱাহাটী ভূমি সংস্কাৰ সমিতিৰ অন্তৰ্গত ১২৪খন উন্নয়ন সমিতিয়ে এই গণ অৱস্থান  ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

cdfd

পূব গুৱাহাটী ভূমি সংস্কাৰ সমিতিৰ ডম্বৰুধৰ তালুকদাৰ আৰু সম্পাদক নৰেন ৰয়ে নেতৃত্ব গ্ৰহণ কৰা এই গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰা ৰাইজে তেজ দিম, মাটি নিদিওঁ, দখল যাৰ, মাটি তাৰ । ভূমিস্বত্ত্ব জন্মগত অধিকাৰ, ভূমি পট্টা আমাক লাগিবই দাবীৰে পৰিবেশ উত্তাল কৰি তোলে ।

Your Comments