ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দালালৰাজ বন্ধ কৰি বিনামূলীয়াকৈ সেৱা আগবঢ়োৱাৰ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ

A

নিউজ ডেস্ক:


গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰত ৰাজহ চক্ৰ বিষয়া আৰু অতিৰিক্ত উপায়ুক্তৰ সন্মিলনত  মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিষয়াসকলক প্ৰদান কৰে কঠোৰ  সকীয়নি।

চক্ৰ বিষয়াৰ কাৰ্যালয়ত জমা হৈ থকা দম-দম মাটি ফাইলক লৈ  মুখ্যমন্ত্ৰীয়ে জবাবদিহি কৰে বিষয়া সকলক।বিশেষকৈ কামৰূপ(ম) আৰু গ্ৰাম্যত মাটি বিক্রীৰ প্ৰমাণ পত্ৰৰ আৱেদনসমূহ দমে-দমে পৰি থকাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে  অহা ৬ অক্টোবৰৰ ভিতৰত ফাইলসমূহ  সম্পূৰ্ন কৰাৰ নিৰ্দেশ দিয়ে ।

চক্ৰ বিষয়াক সকীয়নি দি মুখ্যমন্ত্ৰী শৰ্মাই কয়-'বুধবাৰে কাৰ্যালয়লৈ গৈ প্ৰথম দালাল কেইটাক গামোচা পিন্ধাই বিদায় দিয়ক।অন্যথা মই হাত দিব লাগিলে বেয়া হ’ব।দালাল সম্পূৰ্ন বন্ধ হ’ব লাগিব'।সকলোকে বিনামূলীয়া সেৱা আগবঢ়োৱাবলৈ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ।

উল্লেখ্য যে  সন্মিলনত উপস্থিত থাকে ৰাজহ বিভাগৰ মন্ত্ৰী যোগেন মহন, মুখ্য সচিব জিষ্ণু বৰুৱা।

Your Comments