শিক্ষা বিভাগত ২৩হাজাৰ শিক্ষক নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ পাব ৯ ছেপ্টেম্বৰত- ৰনোজ পেগু

A

নিউজ ডেস্ক:

ৰাজ্য চৰকাৰৰ একলাখ চাকৰিৰ প্ৰথমটো বিজ্ঞাপন প্ৰকাশ কৰিব শিক্ষা বিভাগে।শিক্ষক দিৱসৰ দিনাখন টেট উত্তীৰ্ণ নিবনুৱালৈ ভাল খবৰ দিলে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে।৯ ছেপ্টেম্বৰত ২৩হাজাৰ শিক্ষক পদৰ নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ পাব।

নিযুক্তি প্রক্রিয়া স্বচ্ছ আৰু নিকা ,যোগ্যতাৰ ভিত্তিত দিয়া হ’ব-শিক্ষক দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ঘোষণা কৰে মন্ত্ৰী পেগুৱে।

আনহাতে, ৰাজ্যৰ ৭৫বছৰ গৰকা চৰকাৰী বিদ্যালয়লৈ আন্তঃগাঠনি উন্নত কৰাৰ বাবে ৩ কোটি টকাকৈ অনুদান আগবঢ়াব বুলিও তেওঁ কয়।ইয়াৰ বাবে ২০৯খন বিদ্যালয় নিৰ্বাচিত কৰিছে শিক্ষা বিভাগে।

Your Comments