কাল ক'ৰনাত ক্ষতিগ্ৰস্ত ছাত্ৰ- ছাত্ৰী: নৱম-দশম শ্রেণীৰ ৪০% পাঠ্যক্ৰম হ্ৰাস ছেৱাৰ

A

Bনিউজ ডেস্ক :


কাল কৰনাত ক্ষতিগ্ৰস্ত নৱম-দশম শ্রেণীৰ শিক্ষাৰ্থীলৈ অসম মাধ্যমিক শিক্ষা সংসদৰ সামৰিক সকাহ।ছাত্ৰ ছাত্ৰীৰ সুবিধা হোৱাকৈ ৪০ শতাংশ পাঠ্যক্ৰম হ্ৰাস কৰাৰ সিদ্ধান্ত।২০১৯ বৰ্ষৰ তুলনাত ২০২১-২২ বৰ্ষৰ নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰম প্ৰায় ৪০শতাংশ হ্ৰাস কৰা সিদ্ধান্তৰ কথা নিৰ্দেশনাৰ জৰিয়তে প্ৰকাশ ছেৱাৰ কৰ্তৃপক্ষৰ।


ছেৱা নিৰ্দেশনা নং SEBA/AB/NOTIFI/06/2018/25 জৰিয়তে পত্ৰ নং ASE.1214/2017pt/50ত উল্লেখ কৰা অনুসৰি চলিত এপ্ৰিল মাহৰ তৃতীয় সপ্তাহৰ পৰাই ক'ৰনা সংক্ৰমণৰ বাবে শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছে।উক্ত এই সময়ছোৱাত অনলাইন মাধ্যমেৰে পাঠ্যক্ৰম চলি আছিল যদিও বহু শিক্ষাৰ্থী বিভিন্ন কাৰণত এই পাঠ্যক্ৰমত অংশগ্ৰহণ কৰিব নোৱাৰিলে।শিক্ষাৰ্থীসকলৰ শৈক্ষিক ক্ষতি হ’ল।আনহাতে ছাত্ৰ- ছাত্ৰীক পাঠদান কৰাব নোৱাৰাত শিক্ষকৰো সমস্যা হৈছে।য’ত নেকি ২০২১-২২শিক্ষাবৰ্ষৰ বাবে ছেৱাই নিৰ্ধাৰণ কৰা পাঠ্যক্ৰম সমাপ্ত কৰা কঠিন হৈছে।যাৰ ফলত ২০২১-২২ বৰ্ষৰ পাঠ্যক্ৰম ৪০শতাংশ হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হৈছে।


ইফালে, ছেৱাৰ সংশোধিত পাঠ্যক্ৰম http://www.sebaonline.org জৰিয়তে উপলব্ধ হোৱাৰ লগতে বিদ্যালয় পৰিদৰ্শকক পিডিএফৰ জৰিয়তে প্ৰদান কৰা হ’ব।

Your Comments