কেন্দ্ৰীয় মন্ত্ৰী হিচাপে প্ৰথমবাৰ অসমত সৰ্বানন্দ সোণোৱাল: বৰঝাৰৰ পৰা আৰম্ভ আশীৰ্বাদ যাত্ৰা

A

নিউজ ডেস্ক:


মোডী চৰকাৰৰ কেবিনেট মন্ত্ৰীৰ দায়িত্বলৈ প্ৰথমবাৰৰ বাবে অসমত উপস্থিত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত বিজেপি কর্মী-সমৰ্থকে ঢোলে-দগৰে আদৰণি জনায় সোণোৱালক।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ফুলৰ থোপাৰে বিমানবন্দৰত আদৰণি জনায় কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক।

উল্লেখ্য  যে  মোডী মন্ত্ৰী সভাত বন্দৰ, জাহাজ, জলপৰিবহনৰ লগতে আয়ুস মন্ত্ৰণালয় কেবিনেট মন্ত্ৰীৰ  দায়িত্ব লৈছে।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক লৈ ৰাজ্যিক বিজেপিয়ে শনিবাৰৰ পৰা আৰ্শীবাদ যাত্ৰা আৰম্ভ কৰিছে।

সোণোৱালৰ সৈতে কেন্দ্ৰীয়  মন্ত্ৰী ৰামেশ্বৰ তেলীও উপস্থিত আছে।বৰঝাৰ বিমানবন্দৰৰ পৰাই সোণোৱালৰ উপস্থিতিত ৰাজ্যিক বিজেপিয়ে আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছে।

Your Comments