ৰাজ্যৰ দুৰণিবতীয়া বাছ চালক- হেণ্ডিমেনলৈ ডাঙৰ ঘোষণা ৰাজ্য চৰকাৰৰ, পঢ়ি জানি লওঁক

A

নিউজ ডেস্ক: 

ক'ৰনা প্ৰতিৰোধৰ বাবে বন্ধ থকা দূৰণিবতীয়া বাছসেৱাত জড়িত চালক-হেণ্ডিমেনলৈ ভাল খবৰ।ৰাজ্য চৰকাৰে চালক-হেণ্ডিমেনৰ বাবে ঘোষণা কৰিলে আৰ্থিক সাহায্য।শুকুৰবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত ঘোষণা কৰে এই কথা।

খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত ৰাজ্য চৰকাৰৰ ১০০দিন সম্পূৰ্ন হোৱাৰ উপলক্ষে সম্বোধন কৰা গুৰুত্বপূৰ্ণ সংবাদমেলত শৰ্মাই কয়- ক'ৰনাত ক্ষতিগ্ৰস্ত বাছ চালক-হেণ্ডিমেনক ১০ হাজাৰ টকাকৈ সাহায্য প্ৰদান কৰিব চৰকাৰে।পৰিবহন বিভাগে ইয়াৰ বাবে মুকলি কৰিব পৰ্টেল।তাত কৰিব লাগিব আৱেদন।

উল্লেখ্য যে ৰাজ্যৰ ৬০ হাজাৰ লোক ইয়াৰ পৰা উপকৃত হ’ব বুলিও ডঃ শৰ্মাই কয়।

গুৰুত্বপূৰ্ণ কথা যে  আন্তঃজিলা যাতায়তৰ লগত জড়িত চালক-হেণ্ডিমেনেহে লাভ কৰিব এই সাহায্য।

ক'ৰনাৰ বাবে যোৱা এপ্ৰিল মাহৰ পৰা বন্ধ হৈ আছে আন্তঃজিলা যাতায়ত।শেহতীয়া ভাৱে চালক- হেণ্ডিমেনসকলে আন্তঃজিলা যাতায়ত মুকলিৰ বাবে চৰকাৰক আহ্বান জনাই আহিছিল।তাৰ পাছতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে এই কথা।

Your Comments