ৰূপজ্যোতি-সুশান্ত আদৰ্শহীন, কিন্তু সুস্মিতা দেৱ আদৰ্শভ্রষ্ট হোৱা নাই- আব্দুল খালেক

A

নিউজ ডেস্ক:


কংগ্ৰেছৰ তিনিগৰাকী শক্তিশালী নেতাৰ দল ত্যাগৰ মৌলিক পাৰ্থক্য বৰ্ণনা বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকৰ।'ৰূপজ্যোতি কুর্মী, সুশান্ত বৰগোঁহাই, সুস্মিতা দেৱ তিনি গৰাকীৰ মাজত পাৰ্থক্য আছে।ৰূপজ্যোতি-সুশান্ত সুমেৰুৰ পৰা কুমেৰুলৈ গৈছে।তেওঁলোকৰ আদৰ্শ নাই'- এইদৰে কয় খালেকে ।আদৰ্শত থকা হ’লে সুমেৰুৰ পৰা কুমেৰুলৈ নগ’ল হেতেন। কংগ্ৰেছ দলৰ প্ৰধান প্ৰতিদ্বন্দী বিজেপি।বিজেপিৰ সৈতে আদৰ্শগতভাৱে যুঁজি থকা বুলিও লগতে তেওঁ কয়।

আনহাতে প্ৰাক্তন সাংসদ সুস্মিতা দেৱ আদৰ্শভ্ৰষ্ট হোৱা নাই।এটা ধৰ্মনিৰপেক্ষ দলৰ পৰা অনা এটা ধৰ্মনিৰপেক্ষ দললৈ গৈছে।গতিকে তিনিজনৰ মাজত মৌলিক পাৰ্থক্য আছে।

ইফালে সুস্মিতাৰ দলত্যাগ কংগ্ৰেছ দলৰ বাবে উদ্বেগৰ বিষয় বুলিও বৰপেটাৰ সাংসদ গৰাকীয়ে কয়।

উল্লেখ্য যে শেহতীয়া ভাৱে বৰাকৰ শক্তিশালী কংগ্ৰেছ নেত্ৰী গৰাকীয়ে তৃণমূল কংগ্ৰেছত যোগদান কৰিছে।

Your Comments