সোণৰ পদক জয় কৰি ১০২ বছৰীয়া ভাৰতীয় এথলীটৰ চমক

nan

১০২ বছৰ বয়সত সোণৰ পদক জয়, তাকো এথলেটিকছত! অবিশ্বাস্য যেন লাগিলেও এয়া সম্ভৱ কৰি তুলিছে ভাৰতৰ এগৰাকী অশীতপৰ মহিলা এথলীটে ৷ মন কৌৰ-চণ্ডীগড়ৰ ১০২ বছৰীয়া খেলুৱৈগৰাকীয়ে স্পেইনত অনুষ্ঠিত ৱৰ্ল্ড মাষ্টাৰ্ছ এথলেটিকছ চেম্পিয়নশ্বিপত ২০০ মিটাৰ কৌৰত সোণৰ পদক জয় কৰিছে ৷ 
১০০ বছৰ উৰ্ধ শাখাত অংশ লোৱা মন কৌৰে এই দূৰত্ব অতিক্ৰম কৰোঁতে সময়ৰ প্ৰয়োজন হ’ল ৩ মিনিট ১৪.৬৫ ছেকেণ্ড ৷ বয়সে শতক পাৰ কৰা মন কৌৰৰ সাফল্য এক বৃহৎ চমক হিচাপেই বিবেচিত হৈছে ৷

Your Comments