নিউজ ডেস্ক:
মঙলবাৰৰ পৰা ৰাজ্যত নতুন ক’ভিড নিৰ্দেশনা।ব্যাপক শিথিলতা অহাৰ সম্ভাৱনা নতুন নিৰ্দেশনাত।
স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই মঙলবাৰে সংবাদমেলৰ যোগে ঘোষণা কৰিব নতুন এছঅপি- এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখ্য যে আন্তঃজিলা যাতায়তৰ ক্ষেত্ৰত আহিব শিথিলতা।আজি চূড়ান্ত হ’ব নতুন নিৰ্দেশনা-শৰ্মাই কয়।
আনহাতে শিক্ষানুষ্ঠান ছেপ্টেম্বৰ মাহৰ পূৰ্বে মুকলি নহয় বুলিও শৰ্মাই কয়।
গুৱাহাটীৰ পানবজাৰত জিএমচিৰ এক উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি সাংবাদিকৰ প্ৰশ্নত এইদৰে কয় শৰ্মাই।
- Log in to post comments
- 28 views