নিউজ ডেস্ক:
'কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱৰ দল ত্যাগৰ বাবে কংগ্ৰেছৰ লাভ হৈছে।বিজেপি এজেণ্ট হৈ কংগ্ৰেছত থাকি বিজেপিৰ বাবে কাম কৰিছিল'-এই মম্তৱ্য কাছাৰ যুৱ কংগ্ৰেছৰ প্ৰাক্তন উপ-সভাপতি আনছাৰ হুছেইন বৰলস্কৰৰ।
বৰলস্কৰৰ অভিযোগ সুস্মিতাই বৰাক কংগ্রেছত কোনো নেতা জন্ম হবলৈ দিয়া নাছিল।তেওঁৰ দলত্যাগে কাছাৰ কংগ্ৰেছক অধিক শক্তিশালী কৰি তুলিব।
"বৰাকত কংগ্ৰেছৰ ক্ষতিৰ মূলতে আছিল সুস্মিতা দেৱ"- প্ৰাক্তন উপ-সভাপতি গৰাকীয়ে কয়।
উল্লেখ্য যে কংগ্ৰেছৰ শক্তিশালী মহিলা নেত্ৰী গৰাকীয়ে সোমবাৰে দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগ দিছে।
- Log in to post comments
- 28 views