লাভলীনাক আদৰিবলৈ সাজু ৰাজ্য চৰকাৰৰ ডেৰ কোটি টকীয়া বাছ

A

নিউজ ডেস্ক:

বৃহস্পতিবাৰে পুৱা ৯ বজাত  অসমত উপস্থিত হ'ব অলিম্পিক বিজয়ী অসম কন্যা বক্সাৰ লাভলীনা বৰগোঁহাই।দিল্লীৰ পৰা বিশেষ বিমানযোগে গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত উপস্থিত হ’ব লাভলীনা।বিমানবন্দৰ পৰা ডেৰ কোটি টকীয়া বাছেৰে লাভলীনাক লৈ অহা হ'ব হোটেল তাজ ভিভান্তা লৈ।তাতে দিনটো জিৰণি লব বক্সাৰ লাভলীনাই।ইতিমধ্যে অসম গৌৰৱ বক্সাৰ গৰাকীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে গুৱাহাটীত।

লাভলীনাক আদৰিব লগা বাছখন সুন্দৰকৈ সজাই তোলাৰ উপৰিও বক্সাৰ গৰাকীৰ ফটো সংলগ্ন কৰা হৈছে।সমান্তৰালকৈ গুৱাহাটীৰ ৰাজপথৰ দুয়োপাৰত দেখা গৈছে শুভেচ্ছামূলক পোষ্টাৰ।গুৱাহাটীৰ মাজ-মজিয়াৰে আদৰি আনিব লাভলীনাক।

আনহাতে অসম চৰকাৰে বিয়লি  ৩বজাত শংকৰদেৱ কলাক্ষেত্রত বক্সাৰ লাভলীনাক সম্বৰ্ধনা জনাব।তাৰ বাবে সাজু কৰি তোলা হৈছে কলাক্ষেত্র।উল্লেখ্য যে  অসম চৰকাৰ ক্ৰীড়া আৰু যুৱ কল্যান বিভাগৰ উদ্যোগত আয়োজন কৰা হৈছে সম্বৰ্ধনা অনুষ্ঠান।উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ হৈ প্ৰদান কৰিব সম্বৰ্ধনা।ৰাজ্যিক ক্ৰীড়া নীতিৰ অধীনত আগবঢ়োৱা হ’ব ৫০ লাখ টকা।

গুৰুত্বপূৰ্ণ কথা যে সম্বৰ্ধনা অনুষ্ঠানত লাভলীনাৰ পৰিয়ালৰ লোকসকল উপস্থিত থাকিব।

Your Comments