অতি গেৰুৱা ৰাজনীতিয়ে সাতভনীৰ সীমাৰ সমস্যা সমাধান কৰিব নোৱাৰে- এনপিপি ৰাজ্যিক সমিতি

A

নিউজ ডেস্ক:
 
'বিজেপিৰ অতি গেৰুৱা ৰাজনীতিয়ে সাতভনীৰ সীমাৰ সমস্যা সমাধান কেতিয়াও কৰিব নোৱাৰে।বুৰঞ্জী বিহীন ৰাজনীতিয়ে সংঘাত তীব্রতৰহে কৰিব'- এই কথা প্ৰকাশ কৰে এনপিপি অসমৰ তত্বাৱধায়ক উপ-সভাপতি বিশ্বজিৎ বৰুৱাই।ৰাজ্যৰ শেহতীয়া সীমা কেন্দ্ৰীক সংঘাত তথা সমস্যা সন্দৰ্ভত সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছ বিবৃত্তিত কয়- 'সীমাক লৈ ৰাজনীতি বহুত হ’ল।ৰাষ্ট্ৰীয় কুটিল ৰাজনীতিৰ সাঁতোৰত সীমা সমস্যা সদায় সমস্যা হৈয়ে ৰ’ল।ভগ্নী ৰাজ্য কেইখনৰ লগত সংঘাত এৰাব নোৱাৰা বিষয় হৈ থাকিল'।

শেহতীয়া সীমা কেন্দ্ৰীক সংঘাত সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰি খিলঞ্জীয়া ভাই-ভনীৰ মাজত বিভেদ সৃষ্টিৰে সীমা সংঘাত সৃষ্টি কৰিব বিচৰা অশুভ ৰাজনীতিৰ নেতাসকলক সাৱধান কৰি কয় সীমাত সংঘাত সৃষ্টিৰ পোষকতা নকৰি বুৰঞ্জীৰ আধাৰত বুজাপৰা মাধ্যমেৰে সমস্যা সমাধান কৰিবৰ বাবে অসম চৰকাৰক আগভাগ লবলৈ আহ্বান জনায়।

উল্লেখ্য যে শেহতীয়া কৈ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সীমা কেন্দ্ৰীক সমস্যা সমাধানৰ বাবে বৈঠকত বহিছিল।তাৰ মাজতে ৰাজ্যিক এনপিপিয়ে প্ৰকাশ কৰিছে এই কথা।

Your Comments