আন্তঃজিলা যাতায়ত, কাৰ্ফিউ আৰু শিক্ষানুষ্ঠান মুকলি কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা, পঢ়ক

A

নিউজ ডেস্ক:


ক'ৰনা পৰিস্থিতিৰ বাবে ৰাজ্যত দীর্ঘদিনে বন্ধ হৈ থকা আন্তঃজিলা যাতায়ত ১৬ আগষ্টৰ পৰা মুকলি হোৱাৰ পূৰ্ণ সম্ভাৱনা।যুগ্ম-অযুগ্ম পদ্ধতিৰে চলাচল কৰিব বাহন।দিল্লীত ঘোষণা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।

আনহাতে ১৫ আগষ্টৰ পিছৰ পৰা দোকান-পোহাৰ মুকলিৰ সময়সীমা ৬ বজালৈ বৃদ্ধি কৰাৰো ইংগিত দিয়ে শৰ্মাই।৭বজাৰ পৰা প্ৰযোজ্য হ’ব সান্ধ্য আইন।

আনহাতে শিক্ষানুষ্ঠানৰ মুকলি সন্দৰ্ভত শৰ্মাই কয়- আক্রান্তৰ সংখ্যা ৫০০শৰ তললৈ আহিলে অথবা ডেৰ কোটি জনতাক ভেকচিন প্ৰদান কৰিব পাৰিলে চূড়ান্ত বৰ্ষৰ ক্লাছসমূহ মুকলি কৰাৰ চিন্তা-চৰ্চা কৰা হ’ব বুলি মুখ্যমন্ত্ৰী শৰ্মাই কয়।

গুৰুত্বপূৰ্ণ কথা এই যে ক'ৰনা সংক্ৰমণ প্ৰতিৰোধৰ বাবে প্ৰায় ৪মাহৰো অধিক সময় ৰাজ্যত বন্ধ হৈ আছে আন্তঃজিলা যাতায়ত।

Your Comments