এআইইউডিএফৰ আমিনুল ইছলাম ফাকলান্দু- অখিল গগৈ

A

নিউজ ডেস্ক:

'এআইইউডিএফৰ আমিনুল ইছলাম ফাকলান্দু।ৰাজহুৱা জীৱনত সততাত থকা এজন মানুহক সেইজনৰ বিষয়ে প্ৰশ্ন কৰাটোৱে অপমান' - এই মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ।এগৰাকী অদৰকাৰী সাম্প্ৰদায়িক মানুহ আমিনুল ইছলাম বুলি তেওঁ কয় ।

অখিল গগৈয়ে এইআইইউডিএফৰ পৰা ১০ কোটি টকা বিচৰা বুলি ইছলামে কৰা মন্তব্যৰ প্ৰত্যুত্তৰত কয়- "অসমৰ ৰাজনীতিত বৰ্তমান আটাইতকৈ সৎ মানুহ জনেই মই, গর্বৰে কৈছোঁ।তেওঁলোকৰ লগত তুলনা নহয়।ৰাজহুৱা জীৱনত সততা আৰু ৰাইজৰ কাৰণে কাম কৰোঁ।সাম্প্ৰদায়িক কাম আৰু কথা নকওঁ"।

আনহাতে মহাজোঁটত চামিল হোৱা সন্দৰ্ভত পুনৰ বিধায়ক গৰাকীয়ে কয়- এআইইউডিএফ যেতিয়ালৈ মহাজোঁটত থাকিব তেতিয়ালৈকে ৰাইজৰ দলে মহাজোঁটত অংশ গ্ৰহণ নকৰে'।

'বিজেপি যিদৰে সাম্প্ৰদায়িক একেদৰে এআইইউডিএফো সাম্প্ৰদায়িক'- অখিলে কয়।

ইফালে উপ-নির্বাচনত কংগ্ৰেছ দলে এআইইউডিএফক বিদায় নিদিলেও ৰাইজৰ দলৰ সৈতে একক ভাৱে কথা পাতিলে সমষ্টি ভিত্তিত উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপত সমৰ্থন থাকিব- বিধায়ক গৰাকীয়ে কয়।

বৰ্তমান সময়ত উজনি অসমত কংগ্ৰেছে উপ-নিৰ্বাচনত অকলে অৱত্তীৰ্ণ  হ’লে বিজেপিক সমষ্টি কেইটা গিফ্ট দিয়া দৰে হ’ব।কাৰণ জিকিব নোৱাৰে।গতিকে বিৰোধী শক্তিসমূহ ঐক্যবদ্ধ হৈ নির্বাচনত অৱত্তীৰ্ণ হ’ব লাগিব।ৰাইজৰ দল, কংগ্ৰেছ আৰু অন্যান্য বিৰোধী শক্তিসমূহ ঐক্যবদ্ধ হ’লে উপ- নিৰ্বাচত উজনি অসমৰ আসন কেইখনত বিজেপি জিকিব নোৱাৰে- ৰাইজৰ দলৰ  সভাপতি গৰাকীয়ে কয়।

Your Comments