লাভলীনাক আদৰিবলৈ কিদৰে সাজু ৰাজ্য চৰকাৰ!মন্ত্ৰী বিমল বৰাই কি কলে পঢ়ক

A

নিউজ ডেস্ক :

টকিঅ' অলিম্পিকৰ পদক বিজয়ী অসম কন্যা লাভলীনা বৰগোঁহাইক আদৰিবলৈ ব্যাপক তৎপৰ অসম চৰকাৰ।অলিম্পিক পদক জয় কৰা প্ৰথমগৰাকী অসমীয়াক ৰাজ্যৰ ক্ৰীড়া বিভাগৰ উদ্যোগত অসম চৰকাৰে জনাব আনুষ্ঠানিক সম্বৰ্ধনা।গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্রত ১২আগষ্টত অনুষ্ঠিত হ'ব সম্বৰ্ধনা অনুষ্ঠান।সোমবাৰে এই কথা ঘোষণা কৰিলে মন্ত্ৰী বিমল বৰাই।বিয়লি তিনি বজাত অনুষ্ঠিত হ'ব সম্বৰ্ধনা অনুষ্ঠান।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰৰ হৈ জনাব সম্বৰ্ধনা।উল্লেখ্য যে সম্বৰ্ধনা অনুষ্ঠানতে ৰাজ্যৰ ক্ৰীড়া বিভাগে লাভলীনাক অৰ্পণ কৰিব ৰাজ্যিক ক্ৰীড়া নীতিৰ অধীনত ৫০ হাজাৰ টকা চেক।

গুৰুত্বপূৰ্ণ কথা সোমবাৰে টকিঅ'ৰ পৰা আহি দিল্লীত উপস্থিত হৈছে লাভলীনা।বৃহস্পতিবাৰে পুৱা ৯বজাত গুৱাহাটী বৰঝাৰ বিমান বন্দৰত উপস্থিত হ'ব।বিমানবন্দত লাভলীনাক ৰেড কাৰ্পেট পাৰি অসমীয়া জাতীয় স্বাভিমান বিহুৰে আদৰিব।তাৰ পৰা পোনে পোনে যাব তাজ ভিভান্তা।তাত জিৰণিলৈ বিয়লি অসম চৰকাৰৰ সম্বৰ্ধনা অনুষ্ঠানত অংশ লব- এই কথা জনালে মন্ত্ৰী গৰাকীয়ে।

সম্বৰ্ধনা অনুষ্ঠানত লাভলীনাৰ পৰিয়ালৰ উপৰিও স্থানীয় কিছু ব্যক্তি উপস্থিত থাকিব।উপস্থিত থাকিব জাতীয় সংগঠন, ক্ৰীড়া সংগঠন।

গুৰুত্বপূৰ্ণ কথা অলিম্পিকৰ পদক বিজয়ী লাভলীনা গুৱাহাটীৰ পৰা পুনৰ দিল্লীলৈ ৰাওনা হ'ব।প্ৰধান মন্ত্ৰীৰ আহ্বানত ১৫ আগষ্ট দিল্লীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।তাৰ পৰৱৰ্তী সময়ত সৰুপথাৰ মাতৃ গৃহলৈ আহিব বুলি - বৰাই  কয়।

Your Comments