৪১বছৰৰ পাছত অলিম্পিক পদক দখল ভাৰতীয় পুৰুষ হকী দলৰ: শুকুৰবাৰে মহিলা দলৰ খেল

A

নিউজ ডেস্ক:

টকিঅ' অলিম্পিকত ভাৰতীয় হকী দলৰ ব্ৰঞ্জ পদক দখল।শক্তিশালী জাৰ্মানীক পৰাস্ত কৰিলে ভাৰতীয় দলটোৱে।

উল্লেখ্য যে  চেমিফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জ পদকৰ বাবে বৃহস্পতিবাৰে অৱতীৰ্ণ  হৈছিল ভাৰতীয় দলটো।প্ৰতিদ্বন্দ্বী জাৰ্মানীৰ দলটোক ৫-৪ গলত পৰাস্ত কৰি দখল কৰে ব্ৰঞ্জৰ পদক।

গুৰুত্বপূৰ্ণ কথা এই যে  সুদীৰ্ঘ  ৪১বছৰৰ অন্তত ভাৰতীয় পুৰুষ হকী দলে অলিম্পিকত লাভ কৰিবলৈ সক্ষম হৈছে পদক।

আনহাতে শুকুৰবাৰে মহিলা হকী দলটোৱে ব্ৰঞ্জ পদকৰ বাবে ইংলেণ্ডৰ সৈতে মুখা-মুখী হ’ব।পুৱা ৭ বজাত অনুষ্ঠিত হ’ব খেলখন।

Your Comments