৯আগষ্টত গুৱাহাটীত উপস্থিত হ'ব লাভলীনা বৰগোঁহাই

A

নিউজ ডেস্ক:


টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক দখল কৰা অসম কন্যা লাভলীনা বৰগোঁহাই ৯ আগষ্টত গুৱাহাটীত উপস্থিত হ’ব।

বৰঝাৰ বিমানবন্দৰত ৰেড কাৰ্পেট পাৰি আদৰণি জনাব ৰাজ্যৰ প্ৰথম গৰাকী অলিম্পিক বিজয়ীক।

উল্লেখ্য যে গোলাঘাটৰ বৰপথাৰৰ বাৰমুখী গাঁৱৰ স্বগৃহত জিলা উপায়ুক্তৰ তত্বাৱধানত থাকিব লাভলীনা।তাৰ পূৰ্বে গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰে সম্বৰ্ধনা জনাব মহিলা বক্সা গৰাকীক।স্ব-গৃহত ৰাজ্যিক মৰ্যাদাৰে ৰাজ্য চৰকাৰে আদৰণি জনাব।

গুৰুত্বপূৰ্ণ কথা অৰ্জুন বঁটা বিজয়ী অলিম্পিয়ান লাভলীনাক ৰাজীৱ গান্ধী খেলৰত্ন বঁটা  ৰাজ্য চৰকাৰে প্ৰেৰণ কৰিব।

আনহাতে, ৰাজ্যিক ক্ৰীড়া নীতিৰ অধীনত ৫০লাখ টকাৰ উপৰিও প্ৰথম শ্রেণীৰ চাকৰি প্ৰদান কৰিব লাভলীনাক।

Your Comments