টকিঅ' অলিম্পিকৰ চেমিফাইনেলত পৰাস্ত ভাৰতীয় পুৰুষ হকী দল

A

নিউজ ডেস্ক :
টকিঅ' অলিম্পিকৰ চেমি ফাইনেলত পৰাস্ত ভাৰতীয় পুৰুষ হকী দল।মঙলবাৰে বেলজিয়ামৰ লগত ৫-২ গলৰ বৃহৎ ব্যৱধানত পৰাস্ত হয় ভাৰতীয় দলটো।

উল্লেখ্য যে সুদীৰ্ঘ ৪১বছৰৰ অন্তত অলিম্পিকৰ স্বৰ্ণ জয়ৰ সুযোগ লাভ কৰিছিল ভাৰতীয় দলটোৱে।

চেমিফাইনেলত পৰাস্ত হলেও ব্ৰঞ্জৰ পদকৰ বাবে ৫ আগষ্টত অৱতীৰ্ণ  হ'ব ভাৰতীয় দলটো ।দ্বিতীয়খন চেমিফাইনেলত জাৰ্মানী আৰু অষ্ট্ৰেলিয়াৰ যিটো দল পৰাস্ত হ'ব তাৰ সৈতে ব্ৰঞ্জ পদকৰ বাবে খেলখন অনুষ্ঠিত হ'ব।

Your Comments