সকলো জিলাতে কৰা হ’ব সান্ধ্য আইন প্ৰত্যাহাৰ

HBS

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’ভিড নীতি সন্দৰ্ভত ঘোষণা কৰিলে কৰিলে বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা ৷ তেওঁ জানিবলৈ দিয়ে যে ৰাজ্যৰ সকলো জিলাতে শিথিল কৰা হ’ব সান্ধ্য আইন ৷ সকলো জিলাতে আবেলি ৪ বজালৈকে খুলিব পাৰিব দোকান-পোহাৰ আৰু ৫ বজাৰ পৰা সান্ধ্য আইন আৰম্ভ হ'ব। তাৰ বিপৰীতে লখিমপুৰ আৰু গোলাঘাট জিলাত ১ বজালৈকেহে খোলা থাকিব দোকান-পোহাৰসমূহ।

শৰ্মাই জানিবলৈ দিয়ে ৭ আগষ্টৰপৰা সন্ধিয়া ৬ বজালৈকে জিলা মুকলি কৰি দিয়াৰ চিন্তা কৰা হৈছে ৷ তাৰ বাবে অহা ৭ দিনলৈ ৰাজ্যৰ ক’ভিড পৰিস্থিতি পৰ্যালোচনা কৰা হ'ব। লগতে তেওঁ জনাই যে পৰিস্থিতি সুবিধাজনক হৈ থাকিলে ১৬ আগষ্টৰ পৰা আন্তঃজিলা যাতায়াত পুনৰ আৰম্ভ হ'ব ৷ 

ইয়াৰোপৰি মুখ্যমন্ত্ৰী শৰ্মাই জনাই যে সকলো ঠিকে থাকিলে স্নাতকোত্তৰ শ্ৰেণী, স্নাতক চূড়ান্ত শ্ৰেণী, দ্বাদশ আৰু দশম শ্ৰেণীৰ পাঠদান ১ ছেপ্তেম্বৰৰপৰা আৰম্ভ হ’ব পাৰে। 

Your Comments