অসম কন্যা লাভলীনালৈ ৰাজ্যিক ক্ৰীড়া নীতিৰ অধীনত চাকৰি আৰু ৫০ লাখ টকা ঘোষণা মন্ত্ৰী বিমল বৰাৰ

A

নিউজ ডেস্ক :

টকিঅ' অলিম্পিকত উজলি উঠা বক্সাৰ লাভলীনা বৰগোঁহাইক অসম চৰকাৰে আগবঢ়াব ৫০ লাখ টকা।স্ব-প্ৰতিভাৰে বিশ্ববাসীৰ সন্মুখত দেশৰ লগতে ৰাজ্যৰ নাম উজলাই তুলিবলৈ সক্ষম হোৱা গোলাঘাটৰ জীয়ৰী গৰাকীক ৰাজ্যিক ক্ৰীড়া নীতিৰ অধীনত প্ৰথম শ্রেণীৰ চাকৰি দিয়া হ'ব।এই কথা ঘোষণা কৰিলে ক্ৰীড়ামন্ত্ৰী বিমল বৰাই।নিজ ইচ্ছা মতে পচন্দৰ চাকৰি কৰিব পাৰিব বক্সাৰ গৰাকীয়ে।

উল্লেখ্য যে শুকুৰবাৰে চীন প্ৰতিদ্বন্দীক কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত কৰাৰ পাছতে লাভলীনাৰ পদক জয় কৰা নিশ্চিত হয়।আনহাতে ৪ আগষ্টত তুৰ্কী প্ৰতিপক্ষৰ বিৰুদ্ধে চেমি ফাইনেলত নামিব ধনশিৰীৰ জীয়ৰী লাভলীনাই।

গুৰুত্বপূৰ্ণ  কথা যে  অসমৰ ইতিহাসত প্ৰথমগৰাকী মহিলা অলিম্পিয়ান লাভলীনা।

Your Comments