নিউজ ডেস্ক :
টকিঅ' অলিম্পিকত ৰূপৰ পদক বিজয়ী মীৰাবাই চানুক মণিপুৰৰ চৰকাৰে নিযুক্তি দিব উপ-আৰক্ষী অধীক্ষক পদত।মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ঘোষণা কৰিছে এই কথা।
টকিঅ' অলিম্পিকত দেশৰ হৈ ভাৰোত্তোলনত প্ৰথমটো পদক লাভ কৰিছিল মণিপুৰৰ খেলুৱৈ গৰাকীয়ে।
ইতিমধ্যে টকিঅ'ৰ পৰা গৃহভূমিলৈ উভটিছে মীৰাবাই।
মঙলবাৰে মুখ্যমন্ত্ৰী সিঙে পূৰ্বে ঘোষণা কৰা ১কোটি টকাৰ লগতে প্ৰদান কৰিব ডিএছপিৰ নিযুক্তি পত্ৰ।
- Log in to post comments
- 21 views