ডঃ নিৰু হাজৰিকাৰ দেহাৱসান: মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

A

নিউজ ডেস্ক :
অসমৰ বৌদ্ধিক ক্ষেত্ৰখনত এক অপূৰণীয় ক্ষতি।গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডঃ নিৰু হাজৰিকাৰ দেহাৱসান।
বাৰ্ধক্যজনিত কাৰণত দেহাৱসান অধ্যাপিকা গৰাকীৰ।

উল্লেখ্য যে তেওঁ অসম তথা উত্তৰ-পূৰ্বৰ প্ৰথম গৰাকী ডি.লিট ডিগ্ৰী লাভ  কৰা মহিলা আছিল।তেখেতৰ তত্বাৱধানতে গৱেষনা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।অধ্যাপিকা তথা শিক্ষাগুৰুগৰাকীৰ  মৃত্যুত শোকপ্ৰকাশ কৰে মুখ্যমন্ত্ৰী শৰ্মাই । জাতীয়তাবাদী আদৰ্শত বিশ্বাসী প্ৰয়াত অধ্যাপিকা গৰাকীৰ জন্ম হৈছিল ১৯৪৭ চনৰ ১জানুৱাৰীত।

Your Comments