ভাৰত-ভূটান ব্যৱসায়িক সম্পৰ্কত এক নতুন পদক্ষেপ । সীমান্তত মুকলি হ'ল সীমান্ত বাণিজ্য কেন্দ্ৰ । বাক্সাৰ তামুলপুৰৰ দৰংগাত ১৪০২.৭১ লাখ টকীয়া প্ৰকল্প । চুবুৰীয়া দেশ ভূটান বহু পৰিমানে ভাৰতবৰ্ষৰ ওপৰত নিৰ্ভৰশীল । চাউল, দালিৰ পৰা আৰম্ভ কৰি পেট্ৰোলিয়ামজাত সামগ্ৰীলৈ, যন্ত্ৰ-পাতিৰ পৰা হাঁহ-কুকুৰালৈকে ভাৰতৰ ওপৰত নিৰ্ভৰ কৰিব লাগে ৷ শ শ মালবাহী গাড়ী দৈনিক ভাৰতৰ পৰা ভুটানলৈ যায়। কিন্তু প্ৰতি খন গাড়ীয়ে দিব লগীয়া সীমা শুল্ক দিবলৈ যাবলগীয়া হৈছিল সুদূৰ নালবাৰীলৈ।
কাৰণ এটা সৰু জুপুৰি ঘৰত চলি থকা সীমা শুল্ক বিভাগৰ কাৰ্যালয়টোৱে এই সুবিধাসমূহ দিব পৰা নাছিল । কিন্ত কেন্দ্ৰীয় এএছআইডিই আঁচনিৰ অধীনত দৰংগাত নিৰ্মাণ কৰা হ'ল ৷ ১৪০২.৭০ লাখ টকীয়া এই গুৰুত্ব পূৰ্ণ বাণিজ্য কেন্দ্ৰ । য'ত উপলব্ধ হ'ব বেংক ব্যৱস্থা, শুল্ক প্ৰদানৰ সুবিধা, আলোচনা কক্ষ, ভঁড়ালঘৰয, চালক জিৰণি কক্ষ, ৱেইট ব্ৰীজ আৰু বহুতো সুবিধা ।
ইফালে ভূটানৰ পৰা ৰপ্তানি হোৱা আলু, জিপছাম, ফেৰো-ছিলিকন, কমলা ইত্যাদি । যাৰ পৰা ২০১৭-১৮বৰ্ষত ১২৬,৯৬,৮৯,২৬৪ টকা শুল্ক হিচাপে লাভ কৰিছিল ভাৰতে । ২০১০ চনতে কেন্দ্ৰীয় চৰকাৰে যোগান ধৰা ধনেৰে ৮ বছৰৰ মূৰত এই কেন্দ্ৰ সম্পূৰ্ণ হ'ল যদিও অনাগত সময়ত যে সীমান্ত বাণিজ্যত ই এক সুদূৰ প্রশাৰী প্ৰভাৱ পেলাব সেয়া নিশ্চিত বুলি দাবী কৰে মুখ্য মন্ত্ৰী গৰাকীয়ে । ইপিনে ভাৰত চৰকাৰে ভাৰত-ভূটান সীমান্তত ২৬৪ কিঃমিঃ দৈঘ্যৰ এক ফৰলেন যুক্ত পথ নিৰ্মাণ কৰাৰ পৰিকল্পনা লোৱাৰ উপৰি অহা মাহৰ পৰা ৰূপশ্ৰী বিমান বন্দৰৰ কাম আৰম্ভ কৰাৰ কথাও ঘোষণা কৰে মুখ্য মন্ত্ৰীয়ে ।
অনুষ্ঠানটোত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়েও নিজৰ ভাষণ আগবঢ়ায় ৷ ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ তত্বাৱধানত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত মন্ত্ৰী চন্দ্রমোহান পাটোৱাৰী কে ধৰি বহু কেইজন বিধায়ক আৰু বিটিচিৰ কাৰ্যবাহী সদস্য উপস্থিত থাকে ।
- Log in to post comments
- 13 views